পোদ্দাৰ ছুজুকীয়ে গৌৰৱেৰে গুৱাহাটীৰ হোলী গগৈ পথ, নলাপাৰা, সৰুসজাইত নতুনকৈ অনুমোদিত ছুজুকী মটৰচাইকেলৰ ডিলাৰশ্বিপ উদ্বোধনৰ কথা ঘোষণা কৰে। উন্নত প্ৰযুক্তি, ব্যতিক্ৰমী সেৱা আৰু উদ্ভাৱনক একত্ৰিত কৰি গ্ৰাহকসকলক এক অতুলনীয় অভিজ্ঞতা প্ৰদান কৰিবলৈ ডিজাইন কৰা এই অত্যাধুনিক সুবিধাযুক্ত ডিলাৰটো ছুজুকী মটৰচাইকেল ইণ্ডিয়া প্ৰাইভেট কোম্পানীৰ অন্যতম সংযোজন। এই উদ্বোধনৰ লগে লগে গুৱাহাটী আৰু সমগ্ৰ অঞ্চলটোত গোটটোৰ পাঁচটা শ্ব’ৰুম গ্ৰাহকৰ বাবে উপলব্ধ হৈ পৰিব। গুৱাহাটীৰ আদাবাৰীস্হিত প্ৰথমটো শ্ব’ৰুমৰ পৰা সম্প্ৰসাৰণৰ যাত্ৰা আৰম্ভ কৰা কোম্পানীটোৰ বৰ্তমান নগাঁৱৰ, বিজয়নগৰ, মৰিগাঁও আৰু এতিয়া লালমাটিত অন্য পাঁচোটাকৈ শ্ব’ৰুম উপলব্ধ। শ্ব’ৰুমটোৰ এই উদ্বোধনী অনুষ্ঠানত অসমৰ অন্যতম জনপ্ৰিয় চিনেমা “লোকেল কুংফুৰ” দলে সন্মানীয় অতিথি হিচাপে অংশগ্ৰহণ কৰি অনুষ্ঠানটোক এক বিশেষ আকৰ্ষণ আৰু স্থানীয় প্ৰভাৱ প্ৰদান কৰে। “লোকেল কুংফুৰ” সৈতে এই সহযোগিতাই অসমীয়া চলচ্চিত্ৰ উদ্যোগৰ প্ৰচাৰ আৰু স্থানীয় প্ৰতিভা বিকাশৰ বাবে পোদ্দাৰ ছুজুকীৰ প্ৰতিশ্ৰুতিৰ দায়বদ্ধতাক প্ৰতিনিধিত্ব কৰে। লোকেল কুংফুৰ সৈতে অংশীদাৰীত্ব স্থাপন কৰি, পোদ্দাৰ ছুজুকীয়ে আঞ্চলিক গ্ৰাহকসকলৰ সৈতে এক গভীৰ সংযোগ স্থাপন কৰাৰ লক্ষ্য গ্ৰহণ কৰাৰ সমান্তৰালকৈ তেওঁলোকক তেওঁলোকৰ সাংস্কৃতিক পৰিচয়ৰ সৈতে খাপ খাব পৰা সামগ্ৰী আৰু অভিজ্ঞতা প্ৰদান কৰিছে। এই পদক্ষেপৰ অংশ হিচাপে পোদ্দাৰ ছুজুকীয়ে তেওঁলোকৰ দুচকীয়া বাহনসমূহৰ একচেটিয়া “লোকেল কুংফু” সংস্কৰণ মুকলি কৰে, যিয়ে আঞ্চলিক সৌন্দৰ্য্যবোধৰ সৈতে আধুনিকতাক সংযোজিত কৰি গ্ৰাহকসকললৈ তেওঁলোকৰ সাংস্কৃতিক ঐতিহ্যৰ সৈতে সম্পৰ্কিত আৰু এক অনন্য অভূতপূৰ্ব ধাৰণা আগবঢ়ায়।
এই ডিলাৰশ্বিপে বিভিন্ন উচ্চ মানদণ্ড সম্পন্ন প্ৰিমিয়াম সেৱাৰ জৰিয়তে গ্ৰাহকৰ সুবিধা বৃদ্ধি কৰাৰ প্ৰতিশ্ৰুতি প্ৰদান কৰিছে। এইসমূহৰ ভিতৰত উল্লেখযোগ্য হ’ল “ৰোডছাইড এছিষ্টেন্স” (আৰ এছ এ) যাৰ জৰিয়তে গ্ৰাহকসকলে জৰুৰীকালীন অৱস্থাত সহায়ৰ সুবিধা লাভ কৰিবলৈ সক্ষম হ’ব। গ্ৰাহকক সৰ্বাত্মকভাৱে সহায় কৰাৰ বাবে পোদ্দাৰ ছুজুকীয়ে লালমাটি তথা অন্যান্য কৌশলগত স্থানসমূহত অতি সহজতে উপলব্ধ হোৱাকৈ গাড়ীৰ অতিৰিক্ত অংশৰ সৈতে সু-সজ্জিত সেৱা কেন্দ্ৰ অথবা চাৰ্ভিছ চেন্টাৰ স্থাপন কৰিছে। তদুপৰি, উদ্বোধনী উদযাপনৰ অংশ হিচাপে, পোদ্দাৰ ছুজুকীয়ে ২০২৪ চনৰ ৩১ ডিচেম্বৰলৈকে সকলো বাহনৰ বাবে এককালীন বিনামূলীয়া পৰীক্ষা আৰু গাড়ী ধুওৱাৰ ক্ষেত্ৰত মূল্য হ্ৰাস কৰাৰ লগতে শ্ৰমিক সেৱাৰ মাচুলত ৫০% ৰেহাই প্ৰদান কৰিছে। এক নিৰৱচ্ছিন্ন অভিজ্ঞতা নিশ্চিত কৰিবলৈ, ডিলাৰশ্বিপে মটৰচাইকেল চাৰ্ভিছিঙৰ বাবে নিৰ্দিষ্ট স্থানৰ পৰা কঢ়িয়াই লৈ যোৱা আৰু পূৰ্বৰ স্থানত থৈ যোৱা সেৱা, অৰ্থাৎ পিকআপ এণ্ড ড্ৰপ চাৰ্ভিছো প্ৰদান কৰিছে। এই অনুষ্ঠানত পোদ্দাৰ ছুজুকীৰ মুখ্য কাৰ্যবাহী বিষয়া অংকিত পোদ্দাৰে তেওঁৰ দৃষ্টিভংগী ব্যক্ত কৰি কয়, “এই অত্যাধুনিক ডিলাৰশ্বিপৰ জৰিয়তে গুৱাহাটী আৰু ইয়াৰ কাষৰীয়া অঞ্চলসমূহত ছুজুকীৰ অসাধাৰণ মটৰচাইকেল আৰু স্কুটাৰ উপলব্ধ কৰিবলৈ পাই আমি উৎফুল্লিত হৈছো। আমাৰ লক্ষ্য যান-বাহন বিক্ৰী কৰাই নহয়, ইয়াৰ সমান্তৰালকৈ আমাৰ গ্ৰাহকসকলক বিশ্বাস, গুণগত মানদণ্ড আৰু অতুলনীয় সেৱা প্ৰদান কৰাৰ উদ্দেশ্যেও আমি হাতে-হাত ধৰি আগবাঢ়িবলৈ লৈছো। এই শুভাৰম্ভণিৰ জৰিয়তে আৰু ছুজুকী মটৰচাইকেল ইণ্ডিয়া প্ৰাইভেট লিমিটেডৰ সহযোগত, আমি অধিক সুযোগ সৃষ্টিৰ লগতে আমাৰ সন্মানীয় গ্ৰাহকসকলৰ আকাংক্ষা পূৰণৰ বাবে উদ্ভাৱনীমূলক সমাধান প্ৰদান কৰিবলৈ সক্ষম হ’ম বুলি আশা কৰিছোঁ।”
মাত্ৰ দুবছৰৰ ভিতৰতেই আমি সমগ্ৰ অসমত ৫ খনকৈ ছুজুকীৰ দুচকীয়া বাহনৰ বিপনী মুকলি কৰাৰ গৌৰৱ অৰ্জন কৰিবলৈ সক্ষম হৈছো। আমাৰ এই বিজয় যাত্ৰাত শীঘ্ৰেই ৰঙিয়া আৰু হোজাইকো সংযোজনৰ পৰিকল্পনা কৰা হৈছে। এই বিকাশে ব্ৰেণ্ডটোৰ ওপৰত থকা আমাৰ বিশ্বাস আৰু আমাৰ গ্ৰাহকসকলক উৎকৃষ্টতা প্ৰদান কৰাৰ প্ৰতিশ্ৰুতিক প্ৰতিফলিত কৰে।” তেওঁ লগতে কয়। পোদ্দাৰ ছুজুকী হৈছে এই অঞ্চলৰ বিকাশত সততে সহায়ৰ হাত আগবঢ়াই অহা সন্মানীয় পোদ্দাৰ গোষ্ঠীৰ অংশ। বিগত বছৰসমূহত এই গোষ্ঠীয়ে ৫,০০০তকৈও অধিক লোকক সংস্থাপন প্ৰদান কৰি অসম আৰু উত্তৰ-পূৰ্বাঞ্চলৰ আৰ্থ-সামাজিক উন্নয়নত গুৰুত্বপূৰ্ণ অৱদান আগবঢ়াইছে। এই নতুন ডিলাৰশ্বিপটো তেওঁলোকৰ উৎকৃষ্টতা আৰু সমাজ উত্তৰণৰ যাত্ৰাৰ আন এক মাইলৰ খুঁটি হিচাপে বিবেচিত হ’ব।
এই ডিলাৰশ্বিপত ছুজুকীৰ উপলব্ধ বিভিন্ন ধৰণৰ দুচকীয়া বাহনসমূহ বিভিন্ন ধৰণৰ গ্ৰাহকৰ পছন্দৰ প্ৰতি লক্ষ্য ৰাখি প্ৰস্তুত কৰা হৈছে। ছুজুকী ইকো পাৰফৰমেন্স (এছ ই পি) প্ৰযুক্তিবিশিষ্ট এক্সেছ ১২৫ৰ দৰে স্কুটাৰসমূহে এই শ্ৰেণীত সৰ্বশ্ৰেষ্ঠ মাইলেজ প্ৰদান কৰে আৰু বাহনখন ড্ৰাম, ডিস্কৰ লগতে বিশেষ সংস্কৰণ সৈতে উপলব্ধ। ডিজিটেল ইনষ্ট্ৰুমেন্ট ক্লাষ্টাৰ আৰু ব্লুটুথ সংযোগৰ সৈতে সজ্জিত স্পৰ্টিছ এভিনিছ ১২৫য়ে যুৱ তথা প্ৰযুক্তিপ্ৰেমী আৰোহীসকলক আকৰ্ষিত কৰিব। আৰামদায়ক আৰু অত্যাধুনিক সা-সুবিধা বিচৰা লোকসকলৰ বাবে, বাৰ্গমেন ষ্ট্ৰীটে এল ই ডি লাইট, বহল বিল্ড আৰু অটো ষ্টাৰ্ট/ষ্টপ প্ৰযুক্তিৰ দৰে উন্নত বৈশিষ্ট্যযুক্ত মেক্সি-স্কুটাৰৰ ডিজাইন আগবঢ়াইছে। মটৰচাইকেল অনুৰাগীসকলে ছুজুকীৰ উচ্চ-প্ৰদৰ্শনযুক্ত মটৰচাইকেল যেনে জিক্সাৰ ২৫০ আৰু ইয়াৰ উন্নীত সংস্কৰণ, জিক্সাৰ এছ এফ ২৫০ৰ লগতে মসৃণ আৰু আড়ম্বৰপূৰ্ণ জিক্সাৰ আৰু জিক্সাৰ এছ এফ মডেলসমূহ অন্বেষণ কৰিব পাৰে। দুঃসাহসিক কাৰ্য-কলাপৰ প্ৰতি আগ্ৰহীসকলৰ বাবে এক আকৰ্ষণীয় আৰু শক্তিশালী ডিজাইন তথা উন্নত এ বি এছ সুৰক্ষা বৈশিষ্ট্যৰ সৈতে ভি-ষ্ট্ৰম এছএক্স ২৫০ আগবঢ়োৱা হৈছে। সকলো মডেলতে এক উন্নত আৰোহণৰ অভিজ্ঞতা নিশ্চিত কৰিবলৈ ইন্ধন ইনজেকচন, এ বি এছ (এণ্টি-লক ব্ৰেকিং ছিষ্টেম), এল ই ডি লাইটিং আৰু ডিজিটেল ইনষ্ট্ৰুমেণ্ট ক্লাষ্টাৰৰ দৰে ছুজুকীৰ চমকপ্ৰদ প্ৰযুক্তি অন্তৰ্ভুক্ত কৰা হৈছে। সকলো স্তৰৰ গ্ৰাহকৰ বাবে সুলভ হোৱাকৈ স্কুটাৰসমূহৰ মূল্য ৮৫,০০০ ৰ পৰা ১,২০,০০০ টকাৰ ভিতৰত আৰু মটৰ চাইকেলসমূহৰ মূল্য ১,৪৫,০০০ ৰ পৰা ২,১৫,০০০ টকাৰ ভিতৰত নিৰ্ধাৰণ কৰা হৈছে।
অত্যাধুনিক প্ৰযুক্তি, উদ্ভাৱনী ক্ষমতা আৰু গ্ৰাহককেন্দ্ৰিক সেৱাৰ ওপৰত গুৰুত্ব আৰোপ কৰি পোদ্দাৰ ছুজুকী অঞ্চলটোৰ মটৰচাইকেল অনুৰাগীসকলৰ বাবে এক কেন্দ্ৰ হিচাপে পৰিচিত লাভ কৰাৰ পথত অগ্ৰসৰ হৈছে। লোকেল কুংফু সংস্কৰণৰ মুকলি আৰু উদ্বোধনী অফাৰবোৰে গ্ৰাহকসকলৰ মাজত এক নতুন অনুৰণৰ সৃষ্টি কৰাৰ লগতে এই উদ্যোগৰ শীৰ্ষস্থানীয় হিচাপে ডিলাৰশ্বিপটোৰ সুনাম বৃদ্ধি কৰিব বুলি আশা কৰা হৈছে।