গুৱাহাটীঃ প্ৰাণঘাতী ক’ৰোনা ভাইৰাছৰ পৰা ৰক্ষা পৰিবলৈ চিকিৎসকসকলে যি হেণ্ড ছেনিটাইজাৰ ব্যৱহাৰ কৰিবলৈ পৰামৰ্শ দিছে সেই ছেনিটাইজাৰো বিপদজনক হৈ উঠিব পাৰে বুলি জানিবলৈ দিছে ভাৰতৰ কেন্দ্ৰীয় তদন্তকাৰী প্ৰতিষ্ঠান চমুকৈ চিবিআইয়ে৷ হয়, আপুনি ঠিকেই পঢ়িছে৷ বজাৰত শেহতীয়াকৈ উপলব্ধ বিভিন্ন বিষাক্ত ছেনিটাইজাৰে জনসাধাৰণৰ প্ৰাণৰ প্ৰতি সংশয় কঢ়িয়াই অনাৰ পৰিপ্ৰেক্ষিতত চিবিআইয়ে আইন প্ৰণয়নকাৰী সংস্থাসমূহক সতৰ্ক কৰি দিছে৷
চিবিআইয়ে কয় যে বিভিন্ন চক্ৰই মিথানল ব্যৱহাৰ কৰি প্ৰস্তুত কৰা হেণ্ড ছেনিটাইজাৰসমূহে মানৱ শৰীৰত বিৰূপ প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিব পাৰে৷
চিত্ৰৰ উৎসঃ ইণ্টাৰনেট