গুৱাহাটীঃ ২৫ জুন ২০২০ তাৰিখে অসম উচ্চতৰ মাধ্যমিক পৰিষদে কলা, বাণিজ্য আৰু বিজ্ঞান শাখাৰ ফলাফল ঘোষণা কৰিছে৷
দৰঙৰ পাথৰি ঘাট উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ পূবালী ডেকা আৰু নগাঁৱৰ ৰামানুজন জুনিয়ৰ কলেজৰ শ্ৰদ্ধা বৰগোহাঁইয়ে যুটীয়াভাৱে প্ৰথম স্থান লাভ কৰিছে। তেওঁলোক দুজনেই মুঠ ৪৮১ নম্বৰ লাভ কৰি শীৰ্ষ স্থান লাভ কৰিছে। বিজ্ঞান শাখাত প্ৰথম স্থান লাভ কৰিছে বৰপেটাৰ আনন্দৰাম বৰুৱা একাডেমিৰ অবিনাশ কলিতাই ৷ তেওঁ মুঠ নম্বৰ ৪৮৬ লাভ কৰি শীৰ্ষ স্থান দখল কৰিছে। সেইদৰে, বাণিজ্য শাখাত শীৰ্ষ স্থান দখল কৰিছে ডিব্ৰুগড়ৰ ছল্টব্ৰুক একাডেমীৰ কৃষ্ণা মাহেশ্বৰীয়ে। তেওঁ মুঠ নম্বৰ লাভ কৰিছে ৪৮১ ৷ এইবাৰ কলা শাখাত অৱতীৰ্ণ হৈছিল মুঠ ১ লাখ ৬৮ হাজাৰ ৩৬৭ গৰাকী পৰীক্ষাৰ্থী৷ ইয়াৰে প্ৰথম বিভাগত ১৯,৮৫০গৰাকী, দ্বিতীয় বিভাগত ৪৪,১৯১গৰাকী আৰু তৃতীয় বিভাগত ৬৭,৭৫৩ গৰাকী পৰীক্ষাৰ্থী উত্তীৰ্ণ হৈছে ৷ কলা শাখাত মুঠ উত্তীৰ্ণৰ হাৰ ৭৮.২৮ শতাংশ ৷ বাণিজ্য শাখাত এইবাৰ অৱতীৰ্ণ হৈছিল মুঠ ১৭৭১৩ গৰাকী পৰীক্ষাৰ্থী ৷ ইয়াৰে প্ৰথম বিভাগত ৩,৮৭০গৰাকী, দ্বিতীয় বিভাগত ৫,৪১৫গৰাকী আৰু তৃতীয় বিভাগত ৬৩৩৪ গৰাকী পৰীক্ষাৰ্থী উত্তীৰ্ণ হৈছে ৷ বাণিজ্য শাখাত উত্তীৰ্ণৰ হাৰ ৮৮.১৮ শতাংশ। সেইদৰে বিজ্ঞান শাখাত এইবাৰ অৱতীৰ্ণ হৈছিল মুঠ ৩৯,৫৭৪ গৰাকী ৷ ইয়াৰে প্ৰথম বিভাগত ১৬,৯২৮গৰাকী, দ্বিতীয় বিভাগত ১৪,৭৪৭গৰাকী আৰু তৃতীয় বিভাগত ৩,১৭২ গৰাকী উত্তীৰ্ণ হৈছে ৷ বিজ্ঞান শাখাত উত্তীৰ্ণৰ হাৰ হ’ল ৮৮.০৬ শতাংশ ৷ আনহাতে, পৰীক্ষাৰ্থীসকলে নিজৰ ফলাফল চাব পৰাকৈ অসম উচ্চতৰ মাধ্যমিক শিক্ষা সংসদে ১৪টা ৱেবছাইট মুকলি কৰিছে।
www.ahsec.nic.in
www.asssamresult.in
www.schools9.com
www.results.shiksha
www.newsnation.in
www.newsstate.com
www.indiaResults.com
www.iResults.net
www.EduAssam.com
www.vidyavision.com
www.exametc.com
www.ExamResults.net/assam/
www.jagranjosh.com
www.assamresult.co.in