গুৱাহাটীঃ গুৱাহাটীত ক’ৰোনাৰ ভয়াৱহ সামাজিক সংক্রমণ ৰোধ কৰাত প্রশাসন, আৰক্ষী সকলোৰে দায়িত্বক লৈ কাইলৈ এছ অ’ পি (ষ্টেণ্ডার্ড অ’পাৰেটিং প্রচিডিউৰ) প্রস্তুত কৰা হ’ব৷ আনহাতে এতিয়াৰ পৰা বহিঃৰাজ্যৰ পৰা অহাই হওক বা গুৱাহাটীৰ বাসিন্দাই হওক, ক’ৰোনা পৰীক্ষাৰ বাবে নমুনা প্রদান কৰাৰ সময়ত সম্পূর্ণ নাম, ঠিকনা আৰু ফোন নম্বৰ শুদ্ধকৈ দিয়াটো বাধ্যতামূলক হ’ব৷
গুৱাহাটীত ভয়াৱহ ৰূপ লোৱা ক’ৰনা যুঁজৰ ৰণকৌশল প্রস্তুত কৰিবৰ বাবে গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ৰ প্রেক্ষাগৃহত স্বাস্থ্য মন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাৰ উপস্থিতিত অনুষ্ঠিত এখন গুৰুত্বপূর্ণ বৈঠকত এই সিদ্ধান্ত গ্রহণ কৰা হয়৷ মুখ্যমন্ত্রী সর্বানন্দ সোণোৱালৰ সৈতে ৰাজ্যৰ সাম্প্রতিক ক’ৰোনা পৰিস্থিতি সন্দর্ভত অনুষ্ঠিত পর্যালোচনা বৈঠকৰ পাছত জি এম চি এইচৰ প্রেক্ষাগৃহত অনুষ্ঠিত স্বাস্থ্য বিভাগৰ বৈঠকত মন্ত্রীজনে গুৱাহাটীত পুনৰ সম্পূর্ণ লকডাউন দিয়াৰ ইংগিত দিয়ে৷
আনহাতে ক’ৰোনা পৰীক্ষাৰ বাবে নমুনা প্রদান কৰাৰ সময়ত বহু লোকে নিজৰ নাম-ঠিকনা শুদ্ধকৈ প্রদান নকৰে বাবে পাছত ফল পজিটিভ ওলোৱাৰ পাছত তেওঁক বিচাৰি স্বাস্থ্য বিভাগ আৰু আৰক্ষীয়ে হাহাকাৰ কৰিবলগীয়া পৰিস্থিতিৰ সৃষ্টি হোৱাৰ কথা সদৰী কৰি মন্ত্রীজনে এতিয়াৰ পৰা নমুনা প্রদান কৰা প্রতিজন লোকৰে নাম-ঠিকনা আৰু ফোন নম্বৰ সঠিকভাৱে লোৱাত গুৰুত্ব প্রদান কৰে৷
ভুল তথ্যৰ বাবে স্বাস্থ্য বিভাগ বিপদত পৰি অহাৰ কথা সদৰী কৰি মন্ত্রীজনে ক’ৰোনাৰ সৈতে মুখামুখি হ’বলৈ তথ্য শুদ্ধ হ’ব লাগিব বুলি কয়৷ তেওঁ কয় যে তথ্য শুদ্ধ হ’বলৈ প্রয়োজনীয় তথ্যবোৰ সংগ্রহ কৰাৰ সময়তে সাৱধান হ’ব লাগিব৷
ইফালে গুৱাহাটীত ভয়াৱহ পৰিস্থিতি হোৱাৰ মূলতে জনসাধাৰণৰ অসাৱধানতা আৰু নিজৰ ভুল বুলি সদৰী কৰি মন্ত্রীজনে কয় যে দিল্লীত লকডাউন নথকা সত্ত্বেও তাৰ জনসাধাৰণৰ মাজত ব্যাপক সজাগতা আছে৷ অসমত নিজৰ ভুলতে অনেক লোক আক্রান্ত হৈছে৷ ৫০ শতাংশ লোকেই মাস্ক নিপিন্ধে৷ ফলত সংক্রমণ বৃদ্ধি পাই গৈ আছে৷
ইফালে গুৱাহাটীত এতিয়া নমুনা সংগ্রহ কৰিবলৈ থকা ১২টা কেন্দ্রৰ সৈতে এতিয়া প্রতিটো ৱার্ডতে এটাকৈ ৩১টা নতুন নমুনা সংগ্রহ কেন্দ্র স্থাপন কৰা হৈছে৷ এই কেন্দ্রসমূহত কভিড কাউন্সেলিং চেণ্টাৰো খোলা হৈছে৷ এনে প্রতিটো কেন্দ্রত এজনকৈ চিকিৎসক, দুগৰাকী জি এন এম নার্ছ, দুগৰাকী এ এন এম নার্ছ, দুজন লেবৰেটৰী টেকনিচিয়ান সম্প্রতি নিয়োগ কৰা হৈছে৷ প্রয়োজনত মানুহ বৃদ্ধি কৰা হ’ব বুলিও তেওঁ কয়৷
আনহাতে প্রতিটো কেন্দ্রত প্রয়োজনীয় পুঁজিও যোগান ধৰা হ’ব বুলি তেওঁ সদৰী কৰে৷ প্রণিধানযোগ্য যে প্রতিটো কেন্দ্রতে ২-৩খনকৈ এম্বুলেন্সো প্রদান কৰা হ’ব বুলি মন্ত্রীজনে ঘোষণা কৰে৷ তদুপৰি অহা এসপ্তাহৰ ভিতৰত প্রতিটো কেন্দ্রতে একোটাকৈ ট্রুনাটছ মেচিন সংস্থাপন কৰি তাৎক্ষণিক ফল পোৱাৰ ব্যৱস্থাও কৰিব বুলি তেওঁ সদৰী কৰে৷
আনহাতে এনেদৰে স্থাপন কৰা কভিড কেয়াৰ চেণ্টাৰ আৰু কভিড কাউন্সেলিং চেণ্টাৰৰ প্রতি তিনিটা ৱার্ডৰ দায়িত্ব এজনকৈ দণ্ডাধীশক দিয়া হ’ব বুলি সদৰী কৰি মন্ত্রীজনে প্রতি ছটা ৱার্ডৰ বাবে অন্য এজন দণ্ডাধীশক দায়িত্ব দিয়া হ’ব বুলি কয়৷ এই দণ্ডাধীশে ৱার্ডকেইটাৰ কেন্দ্রকেইটাৰ সকলো দায়িত্ব গ্রহণ কৰি দুদিনৰ মূৰে মূৰে স্বাস্থ্য বিভাগক প্রতিবেদন দিব৷
লক্ষণীয় যে আজি কেৱল পূর্বে স্থাপন কৰা ১২টা কেন্দ্রতে গুৱাহাটীত প্রায় ৭৮০জন লোকৰ নমুনা সংগ্রহ কৰা হয়৷ কাইলৈৰ পৰা এই সংখ্যা ২০০০লৈ বৃদ্ধিৰ সম্ভাৱনা আছে৷ নমুনা পৰীক্ষা বৃদ্ধিৰ সমান্তৰালভাৱে ক’ৰোনাত আক্রান্তও বৃদ্ধি পাব বুলি তেওঁ সদৰী কৰে৷