গুৱাহাটীঃ অসমৰ একাংশ সংবাদ মাধ্যমত বাতৰিত ভূটানে অসমলৈ পানী যোগান বন্ধ কৰা বুলি প্ৰকাশ পাইছে। ইয়াত কোৱা হৈছে যে জলসিঞ্চনৰ কাৰণে ভূটানৰপৰা পানী বোঁৱাই আনিবলৈ ভূটান চৰকাৰে ভাৰতৰ কৃষকসকলক অনুমতি প্ৰদান কৰা নাই। ভাৰত-ভূটান সীমান্তৱৰ্তী অসমৰ বাক্সাৰ ২৫ খন গাঁৱৰ শতাধিক কৃষকে এই অভিযোগ কৰা বুলি বাতৰিসমূহত প্ৰকাশ।
ইয়াৰ ভিত্তিতে অসমৰ মুখ্য সচিব কুমাৰ সঞ্জয় কৃষ্ণই বৃহস্পতিবাৰে এটা টুইটৰ জৰিয়তে স্পষ্ট কৰি দিয়ে যে চুবুৰীয়া ৰাষ্ট্ৰখনে প্ৰতিবন্ধকতা দূৰ কৰিবলৈ সহায় কৰি থকাৰ বিপৰীতে সংবাদ মাধ্যমে ভূটানে ভাৰতলৈ পানী যোগান বন্ধ কৰা বুলি ভুলকৈ বাতৰি প্ৰচাৰ কৰিছে। মুখ্য সচিবজনে উল্লেখ কৰে যে ভাৰতৰ পথাৰলৈ আনুষ্ঠানিক জলসিঞ্চনৰ ধাৰ বন্ধৰ প্ৰকৃত কাৰণটো প্ৰাকৃতিক।