গুৱাহাটীঃ সমগ্র দেশৰ লগতে ৰাজ্যত ক’ৰোনা ভাইৰাছৰ মহামাৰীৰ গণ সংক্রমণ দিনকদিনে ক্রমাৎ ভয়াৱহ ৰূপত বৃদ্ধি পাবলৈ ধৰালৈ লক্ষ্য কৰি ৰাজ্য চৰকাৰৰ স্বাস্থ্য বিভাগে ক’ৰোনা ভাইৰাছত আক্রান্ত ৰোগীৰ চিকিৎসাৰ বাবে ক’ভিড-১৯ চিকিৎসালয়ৰ সংখ্যা বৃদ্ধিৰ সিদ্ধান্ত গ্রহণ কৰিছে৷
কামৰূপ জিলাৰ মিৰ্জাৰ সোণতলাত অৱস্থিত পতঞ্জলি যোগপীঠত স্থাপন কৰা কোৱাৰেণ্টাইন কেন্দ্রটোত দুপৰীয়া প্রতিকূল বতৰকো নেওচি ৰাজ্যৰ স্বাস্থ্য মন্ত্রী হিমন্ত বিশ্ব শর্মাই উপস্থিত হৈ পতঞ্জলি কোৱাৰেণ্টাইন কেন্দ্রটোক ক’ভিড-১৯ চিকিৎসালয়লৈ ৰূপান্তৰ কৰা হ’ব বুলি ঘোষণা কৰে৷
তেওঁ কয় যে এই কোৱাৰেণ্টাইন কেন্দ্রটো অহা দুদিনৰ ভিতৰত ক’ভিড চিকিৎসালয়লৈ ৰূপান্তৰ কৰা হ’ব৷ চিকিৎসালয়খনত ২৫০গৰাকী ক’ৰোনা আক্রান্ত ৰোগী থাকিব পৰাৰ ব্যৱস্থা কৰা হ’ব বুলি সাংবাদিকক জানিবলৈ দিয়ে৷
উক্ত কেন্দ্রটো পৰিদর্শনৰ সময়ত স্বাস্থ্য মন্ত্রী শর্মাৰ লগতে কামৰূপ জিলাৰ উপায়ুক্ত কৈলাশ কার্তিক এন, অতিৰিক্ত উপায়ুক্ত তথা পলাশবাৰী ৰাজহ চক্রৰ ভাৰপ্রাপ্ত চক্র বিষয়া ৰশ্মি বৰুৱা গগৈৰ লগতে স্বাস্থ্য বিভাগৰ বিষয়া-কর্মচাৰী উপস্থিত থাকে৷