গুৱাহাটীঃ স্বাস্থ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই যোৱা শুকুৰবাৰে দিনৰ প্ৰায় ১ বজাত গুৱাহাটীত আৰম্ভ হ’বলগীয়া লকডাউনৰ কথা ঘোষণা কৰাৰ লগে লগে গুৱাহাটীৰ বজাৰসমূহত হাহাকাৰৰ সৃষ্টি হয়৷ জনসাধাৰণে পূৰ্বৰ লকডাউনৰ সময়ৰ অভিজ্ঞতা সোঁৱৰণ কৰি এইবাৰো বজাৰত সামগ্ৰী ক্ৰয়ৰ বাবে ভিৰ কৰা পৰিলক্ষিত হয়৷ তাৰোপৰি সামাজিক ব্যৱধানৰ নীতি পালনতো জনসাধাৰণে সামান্যতমো গুৰুত্ব প্ৰদান কৰা দেখা নগ’ল৷ ভুতৰ ওপৰত দানহ পৰাদি বজাৰত এচাম অসাধু ব্যৱসায়ীয়ে শাক-পাচলিৰ দাম দুগুণ তিনিগুণলৈ বৃদ্ধি কৰা দেখা গ’ল৷ যোগান বিভাগ, গুৱাহাটী প্ৰশাসন নিৰ্বিকাৰ হৈ বহি থকাই দেখা গ’ল৷ জনসাধাৰণে ছ’চিয়েল মিডিয়া, সংবাদ মাধ্যমত যোগান বিভাগক সমালোচনাৰে থকা-সৰকা কৰাৰ পিছত হঠাৎ যেন সাৰ পালে যোগান বিভাগে৷ দোকানে-পোহাৰে তেওঁলোকে কিছু সময় অভিযান চলালেও বিশেষ এটা সফলতা লাভ কৰিব নোৱাৰিলে৷ মাত্ৰ চাৰি ঘণ্টাৰ বাবে সক্ৰিয় হোৱা যোগান বিভাগৰ এই নাটকে গ্ৰাহক ৰাইজক উপকৃত কৰাত ব্যৰ্থ হ’ল৷
চিত্ৰৰ উৎসঃ ইণ্টাৰনেট