গুৱাহাটী – ভাৰতত নিষিদ্ধ হ’ল জনপ্ৰিয় এপ্প টিকটক। লগতে প’ৰ্টেবল স্কেনাৰ হিচাপে ব্যাপকভাৱে ব্যৱহৃত কেম স্কেনাৰৰ লগতে মুঠ ৫৯টা চীনা এপ্প নিষিদ্ধ কৰিছে ভাৰত চৰকাৰে।
ইতিমধ্যে এই সন্দৰ্ভত কেন্দ্ৰীয় চৰকাৰে এক নিৰ্দেশনাও জাৰি কৰিছে। উল্লেখযোগ্য যে,ভাৰত চৰকাৰে নিষিদ্ধ কৰা আন এপ্পবোৰৰ ভিতৰত আছে- ইউ চি ব্ৰাউজাৰ, বি ইউ ক্লিনাৰ, উই মীট. চুইট ছেলফী, বি ইউ প্ৰাইভেছি, ভিগ’ ভিডিঅ, ফটো ৱ’ণ্ডাৰ, কিউৱাই, বিউটী প্লাছ, উই চাট, হেল্ল, ইউ কেন মেকআপ আদি।
জানিব পৰা মতে, চীনৰ সৈতে সীমান্তত চলি থকা সংঘাতময় পৰিৱেশৰ বাবেই নিৰাপত্তাজনিত কাৰণত ভাৰত চৰকাৰে এই এপ্পসমূহ নিষিদ্ধ ঘোষণা কৰিছে।
For safety, security, defence, sovereignty & integrity of India and to protect data & privacy of people of India the Government has banned 59 mobile apps.
Jai Hind! 🇮🇳— Ravi Shankar Prasad (@rsprasad) June 29, 2020