গুৱাহাটীঃ বলীউদ জগতৰ আন এগৰাকী শিল্পীয়ে মেলানি মাগিলে আমাৰ মাজৰ পৰা। তেওঁ হ’ল কৰিঅ’গ্ৰাফাৰ সৰোজ খান। শুকুৰবাৰে নিশা প্ৰায় ২.৩০ বজাত মুম্বাইৰ বান্দ্ৰাস্থিত গুৰু নানক হাস্পতালত হৃদক্ৰিয়া বন্ধ হোৱাত খানৰ মৃত্যু হয়। উশাহ লোৱাত কিছু অসুবিধা পোৱাত তেওঁক হাস্পতালত যোৱা ২০ জুনত তেওঁক ভৰ্তি কৰোৱা হৈছিল। হাস্পতালত স্বাস্থ্যৰ বহুখিনি উন্নতি হৈছিল যদিও হঠাতে নিশা শ্বাস-প্ৰশ্বাসত পুনৰ কষ্ট পায় আৰু অৱশেষত নিশা ৭১ বছৰত মৃত্যুবৰণ কৰে। উল্লেখ্য, কিছুদিন পূৰ্বে তেওঁৰ ক’ভিড টেষ্ট কৰোৱা হৈছিল আৰু ৰিপ’ৰ্ট অনুযায়ী নিগেটিভ আহিছিল।
সৰোজ খানৰ জন্ম হৈছিল ১৯৪৮ চনৰ ২২ নৱেম্বৰত তেতিয়াৰ বোম্বেত। ভাৰত-পাকৰ বিভাজনৰ সময়ত তেওঁৰ পৰিয়াল ভাৰতলৈ আহিছিল প্ৰব্ৰজিত ৰূপে।
বলীউদত প্ৰায় ২০০০ গানত ক’ৰিঅ’গ্ৰাফ কৰা সৰোজ খানে বলীউডত উজ্জ্বল নৃত্য তাৰকা ৰূপে গঢ়ি তুলিছিল দুগৰাকী অভিনেত্ৰীক। সেয়া আছিল মাধুৰী দীক্ষিত আৰু শ্ৰীদেৱী। চিনেমাত দুয়োগৰাকীৰ নৃত্য জীৱনত খানৰ অৱদান আছিল অসীম। অভিনেত্ৰী মাধুৰী দীক্ষিতে টুইটাৰযোগে আজি খানৰ অৱদানক সোঁৱৰণ কৰি শোক ব্যক্ত কৰে।
তিনিবাৰকৈ ৰাষ্ট্ৰীয় পুৰস্কাৰ লাভ কৰা সৰোজ খানে মাত্ৰ তিনিবছৰ বয়সতে বেকগ্ৰাউণ্ড ডান্সাৰ হিচাপে কেৰিয়াৰ আৰম্ভ কৰে। অৱশ্যে ১৯৫০ চনত নাজাৰানা ছবিত শ্যামা নামৰ চৰিত্ৰত শিশু শিল্পী ৰূপে খোজ পেলাইছিল শিল্পজগতত । পিছত ১৯৭৪ চনত প্ৰথমবাৰলৈ ‘গীতা মেৰা নাম’ ছবিৰে ফিল্ম ইণ্ডাষ্ট্ৰীত কৰিঅ’গ্ৰাফাৰ হিচাপে প্ৰৱেশ কৰে। ইয়াৰ পিছত বলীউডত ইখনৰ পিছত সিখনকৈ হিট ছবিৰ নৃত্যত তেওঁ কৰিঅ’গ্ৰাফী কৰিবলৈ ধৰে। এই প্ৰসংগত নাম লব পাৰি ‘চান্দনী’, ‘বেটা’, ‘মিষ্টাৰ ইণ্ডিয়া’, ‘তেজাব’, ‘নগীনা’, ‘বাজীগৰ’, ‘ডৰ’, ‘অঞ্জাম’, ‘মোহৰা’, ‘য়াৰানা’, ‘দিলৱালে দুলহনীয়া লে জায়েংগে’, ‘দেৱদাস’, ‘লগান’, ‘চলজাৰ’, ‘তাল’, ‘ফিজা’, ‘সাথিয়া’, ‘স্বদেশ’, ‘কুচ না কহো’, ‘বীৰ জৰা’ আদিৰ। ২০১৯ত কলংক ছবিৰ তাবাহ হো গ্যয়া গীতটো আছিল তেওঁৰ অন্তিম কৰিঅ’গ্ৰাফী।
চিত্ৰৰ উৎসঃ ইণ্টাৰনেট