নিউজ ডেস্কঃ ভাৰত আৰু চীনৰ মাজত চলি থকা কূটনৈতিক আখৰাৰ মাজতে টাইৱানত ভাৰতে মুৰব্বী কূটনীতিবিদ হিচাপে নিযুক্তি দিছে এজন অসমীয়াক৷ অসমক গৌৰৱান্বিত কৰা সেই ব্যক্তিজনৰ নাম হ’ল গৌৰাংগলাল দাস৷
টাইৱানে বৰ্তমানে চীনৰ পৰা মুক্ত হৈ স্বতন্ত্ৰ ৰাষ্ট্ৰৰ স্বীকৃতি লাভ কৰিবলৈ চেষ্টা চলাই আছে৷ এই পৰিপ্ৰেক্ষিতত ভাৰতেও টাইৱানক ৰাষ্ট্ৰৰ স্বীকৃতি প্ৰদান কৰা নাই৷ আৰু সেইবাবে ভাৰতত টাইৱানৰ দূতাৱাসো স্থাপন হোৱা নাই৷
চীনৰ সৈতে চলি থকা কূটনৈতিক যুদ্ধখনত টাইৱানৰ সৈতে সম্পৰ্ক মজবুত কৰিবলৈ ভাৰতে কূটনীতিবিদ নিযুক্তি প্ৰদান কৰা বিষয়টোৱে সম্প্ৰতি চৰ্চা লাভ কৰিছে৷
সম্প্ৰতি কেন্দ্ৰীয় বৈদেশিক মন্ত্ৰালয়ৰ আমেৰিকা বিভাগৰ যুটীয়া সচিব হিচাপে কাৰ্যনিৰ্বাহ কৰি থকা গৌৰাংগলাল দাসে ৱাশ্বিংটনৰ উপৰিও বেইজিঙৰ ভাৰতীয় দূতাবাসত বিভিন্ন পদবীত কাৰ্যনিৰ্বাহ কৰি আছিল৷ মান্দাৰিন ভাষাতো বুৎপত্তি থকা গৌৰাংগলাল দাসৰ স্থানত এই পৰ্যন্ত কাৰ্যনিৰ্বাহ কৰি আছে শ্ৰী ধৰণ মধুসুদনে৷
ভাৰত আৰু টাইৱানে দুয়োখন দেশৰ মাজক দ্বিপাক্ষিক সম্পৰ্কৰ উত্তৰণ কৰিবলৈ ইতিমধ্যে বিভিন্ন পদক্ষেপ গ্ৰহণ কৰিছে৷ মূলতঃ চীনৰ সৈতে ভাৰতৰ সম্পৰ্ক দ্ৰুতগতিত অৱনমিত হোৱাৰ বাবে টাইৱানৰ সৈতে ভাৰতৰ সম্পৰ্ক যথেষ্ট তাৎপৰ্যপূৰ্ণ হিচাপে বিবেচিত হৈছে৷
চিত্ৰৰ উৎসঃ ইণ্টাৰনেট