নিউজ ডেস্কঃ ভূটানৰ সীমান্তৱৰ্তী অঞ্চলক চীনে নিজৰ ভূ-খণ্ড বুলি দাবী কৰা অঞ্চলটোতে ভাৰতে এটা পথ নিৰ্মাণৰ পৰিকল্পনা কৰিছে৷ এই পথটো নিৰ্মাণ হৈছে গুৱাহাটী আৰু টাৱাঙৰ দূৰত্ব ১৫০ কিলোমিটাৰ হ্ৰাস পাব৷
পথটোৰ নিৰ্মাণৰ দ্বাৰা ভাৰতে সীমান্তৱৰ্তী অঞ্চলত অধিক ক্ষিপ্ৰতাৰে সেনা নিয়োগ কৰাৰ থল আছে৷ তাৰোপৰি ইয়াৰ জৰিয়তে টাৱাঙৰ উপৰিও ভূটানকে ধৰি সমগ্ৰ পূব সীমান্ত তথা উত্তৰ পূবৰ ৰাজ্যৰ সৈতে চীনৰ সীমান্তৱৰ্তী অঞ্চললৈও সেনা প্ৰেৰণ কৰিব পৰা হ’ব৷
১৯৮৪ চনৰ পৰা ২০১৬ চনলৈকে চীন আৰু ভূটানৰ মাজত সীমা বিবাদক লৈ ২৪খন বৈঠক অনুষ্ঠিত হৈছে। কিন্তু ডোকলাম বিবাদৰ পাছতে ভূটান আৰু চীনৰ মাজত আলোচনা বন্ধ হৈ পৰিছে।
আনহাতে, চীনৰ সম্প্ৰসাৰণবাদী মনোভাৱ ঠন ধৰি উঠাৰ সময়তে ভাৰতে ভূটানৰ সীমান্ত অঞ্চলত আৰম্ভ কৰিব খোজা পথ নিৰ্মাণৰ পৰিকল্পনাই চীনৰ বাবে চাপ সৃষ্টি কৰাৰ সম্ভাৱনা আছে।
চিত্ৰৰ উৎসঃ ইণ্টাৰনেট