নিউজ ডেস্কঃ এইবাৰ ভগৱান ৰামৰ জন্মস্থান নেপালত বুলি কৈ বিতৰ্কৰ আৱৰ্তত সোমাই পৰিছে নেপাল প্ৰধানমন্ত্ৰী কে পি শৰ্মা অলি৷
নেপালৰ প্ৰধান মন্ত্ৰী অ’লিয়ে সোমবাৰে প্ৰকৃত অযোধ্যা ভাৰতত নহয় নেপালতহে অৱস্থিত বুলি মন্তব্য কৰে।
তেওঁ কয় যে দৰাচলতে উত্তৰ প্ৰদেশত নহয়, দক্ষিণ নেপালৰ থোৰিৰ বাল্মিকী আশ্ৰমৰ ওচৰতহে ভগৱান ৰামৰ জন্মস্থান অযোধ্য অৱস্থিত৷
নেপালী কবি ভানুভক্তৰ জন্মজয়ন্তী উপলক্ষে এক অনুষ্ঠানত অংশগ্ৰহণ কৰি প্ৰধানমন্তীৰ অ’লিয়ে এইদৰে মন্তব্য কৰে৷
চিত্ৰৰ উৎসঃ ইণ্টাৰনেট