নিউজ ডেস্কঃ অসমৰ বান পৰিস্থিতি ক্ৰমাৎ জটিল হ’বলৈ ধৰিছে৷ নৈৰ বাঢ়নী পানীয়ে ন ন অঞ্চল প্লাৱিত কৰিছে৷ এই পৰ্যন্ত বানৰ কবলত ২৮খন জিলাৰ ৯২টা ৰাজহ চক্ৰৰ অন্তৰ্গত ৩,৩৭১খন গাঁও বানত আক্ৰান্ত হৈছে৷ চৰকাৰী তথ্য অনুসৰি বানত ৯ জন লোকৰ মৃত্যু হৈছে৷
ব্ৰহ্মপুত্ৰ নদী আৰু ইয়াৰ উপনৈসমূহ বিপদসীমাৰ ওপৰেৰে বৈ থকা হেতুকে বিশ্বনাথ, কামৰূপ, নগাঁও, কোকৰাঝাৰ, শিৱসাগৰ, ওদালগুৰি আদি জিলাত কেইবা ঠাইতো মথাউৰি আৰু বান্ধ ছিগি অঞ্চলসমূহৰ ব্যাপক ক্ষতি কৰিছে৷
দুযোর্গ ব্যৱস্থাপনা বিভাগৰ তথ্য অনুসৰি বিভিন্ন জিলাত ৫১৭টা সাহায্য শিবিৰ স্থাপন কৰা হৈছে আৰু প্রায় ৪৫ হাজাৰ লোক উক্ত শিবিৰসমূহত আশ্রয় লৈছে৷
চিত্ৰৰ উৎসঃ ইণ্টাৰনেট