গুৱাহাটীঃ অসমত স্বাস্থ্য বিভাগৰ সকলো প্ৰচেষ্টা অসাৰ প্ৰতিপন্ন কৰি ক’ৰোনাত আক্ৰান্তৰ সংখ্যা হোৰাহোৰে বৃদ্ধি পাবলৈ ধৰিছে৷ তদুপৰি ৰাজ্যখনৰ কাৰাগাৰসমূহতো ক’ৰোনাত আক্ৰান্তৰ সংখ্যা বৃদ্ধি পাবলৈ ধৰিছে৷
ক’ৰোনাৰ ভয়াৱহতাৰ মাজতে ৰাজ্যখনত ১৮ হাজাৰতকৈও অধিক সংখ্যক লোক এই মহামাৰীৰ চিকাৰ হৈছে৷
এই পৰ্যন্ত ৫,৫৮৫ জন লোক সক্ৰিয় ৰোগী হিচাপে চিকিৎসাধীন হৈ আছে৷
কেৱল যোৱা ২৪ ঘণ্টাত ৫১৩জন লোক মহানগৰখনত ক’ৰোনাত আক্রান্ত হৈছে৷ আনহাতে স্বাস্থ্য মন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই অসমত ক’ৰোনা ৰোগীসকলৰ অৱস্থা অতিশয় জটিল হোৱা বুলি প্ৰকাশ কৰি প্লাজমা চিকিৎসাৰ বাবে প্লাজমা দাতাৰ সন্ধান কৰা বুলি জানিবলৈ দিয়ে৷
চিত্ৰৰ উৎসঃ ইণ্টাৰনেট