নিউজ ডেস্কঃ সম্প্ৰতি টুইটাৰত ট্ৰেণ্ডিঙত আছে জাহ্নৱী কাপুৰ৷ হয়, বনী কাপুৰ আৰু শ্ৰীদেৱী তনয়া জাহ্নৱী কাপুৰৰে কথা কোৱা হৈছে৷
১২ আগষ্ট ২০২০ তাৰিখে মুকলি হ’ব লগীয়া জাহ্নৱীৰ শেহতীয়া চলচ্চিত্ৰ গুঞ্জন সক্সেনাক বয়কট কৰাৰ ঢৌ উঠিছে ছ’চিয়েল মিডিয়াত৷ কাৰ্গিল যুদ্ধৰ প্ৰথমগৰাকী মহিলা এয়াৰফ’ৰ্চ পাইলট গুঞ্জন সক্সেনাৰ জীৱনীভিত্তিক এই চলচ্চিত্ৰখন নিৰ্মাণ কৰিছে কৰণ জোহৰৰ ধৰ্মা প্ৰডাকচনে৷ শেহতীয়াকৈ সুশান্ত ৰাজপুতৰ মৃত্যুৰ ঘটনাত কৰণ জোহৰৰ সৰ্বজনবিদিত নেপোটিজিমে অগ্ৰণী ভূমিকা পালন কৰা বুলি সৰ্বত্ৰ প্ৰচাৰিত হৈছে৷
ফলস্বৰূপে সুশান্ত সিঙৰ অনুৰাগীসকলে কৰণ জোহৰৰ দ্বাৰা নিৰ্মিত যিকোনো চলচ্চিত্ৰ বয়কট কৰাৰ সিদ্ধান্ত লৈছে৷ আনহাতে জাহ্নৱী কাপুৰে চলচ্চিত্ৰখনত মূল ভূমিকাত অভিনয় কৰাৰ জৰিয়তে এই ঘৃণা অধিক ব্যাপ্ত হৈছে৷
আনহাতে কিছু সংখ্যক লোকৰ মতে চলচ্চিত্ৰখনৰ বয়কটৰ দ্বাৰা সাহসী গুঞ্জন সক্সেনাক অসন্মান জনোৱা হ’ব বুলি কৈ তেওঁলোকে চলচ্চিত্ৰখন উপভোগ কৰিবলৈ যাব বুলি জানিবলৈ দিছে৷ অৱশ্যে তেওঁলোকে কৰণ জোহৰৰ দ্বাৰা প্ৰস্তুত অন্য অৰ্থবিহীন চলচ্চিত্ৰসমূহ উপভোগ কৰাটো নিৰৰ্থক বুলিও জানিবলৈ দিছে৷
Real tribute to Sushant Singh Rajput @itsSSR it’s to Boycott Nepotism Movies…!!!#JanhviKapoor#nepotisminbollywood #CBIForSSRHomicidiceCase pic.twitter.com/ocY8sPmiD2
— Ganesh Pawar (@ganesh_s_pawar) July 16, 2020
We respect Gunjan Saxena.
We will read biography or book on her.
But we won’t watch film produced by nepotism gang just to earn money.#boycottnepokids#JanhviKapoor— Rajesh (@Rajesh90556436) July 16, 2020
চিত্ৰৰ উৎসঃ টুইটাৰ