গুৱাহাটীঃ বিগত তিনি-চাৰিদিন ধৰি হৈ থকা নেৰানেপেৰা বৰষুণৰ ফলত গুৱাহাটী মহানগৰী ব্ৰহ্মপুত্ৰৰ পানীয়ে বুৰাই পেলোৱাৰ সম্ভাৱনাই দেখা দিছে৷ জলসম্পদ বিভাগৰ তথ্য অনুসৰি প্ৰতি ঘণ্টাত ব্ৰহ্মপুত্ৰৰ জলপৃষ্ঠ ১ ছেণ্টিমিটাৰকৈ বৃদ্ধি পাবলৈ ধৰিছে৷
কেন্দ্ৰীয় বতৰ বিজ্ঞান কেন্দ্ৰই আগন্তুক চাৰি-পাঁচ দিনত সমগ্ৰ উত্তৰ পূৰ্বাঞ্চলত ধাৰাসাৰ বৰষুণ হোৱাৰ সম্ভাৱনা আছে বুলি জানিবলৈ দিছে৷
গুৱাহাটী মহানগৰীৰ কাষেৰে বৈ যোৱা ব্ৰহ্মপুত্ৰৰ জলপৃষ্ঠ বৃদ্ধি হ’লে মহানগৰীখনৰ বিভিন্ন অঞ্চল প্লাবিত হোৱাৰ পূৰ্ণ সম্ভাৱনা আছে৷
এই সন্দৰ্ভত কামৰূপ জিলা প্ৰশাসনে মহানগৰৰ ব্ৰহ্মপুত্ৰৰ দাঁতি-কাষৰীয়া অঞ্চলসমূহত সতৰ্কতা জাৰি কৰিছে
Assam Flood Bulletin on 21st July 2020#Assam #NDMA #AssamFloodresponse #CFSAssam #CMOAssam @ndmaindia @diprassam @CMOfficeAssam pic.twitter.com/QXRw7FdJvB
— Disaster Management Authority Assam (@sdma_assam) July 21, 2020
চিত্ৰৰ উৎসঃ ইণ্টাৰনেট