নিউজ ডেস্কঃ নাগৰিকত্ব সংশোধনী আইন চমুকৈ কা দেশত এতিয়াও বলৱৎ হোৱা নাই যদিও আইনখনৰ সুবিধা গ্ৰহণ কৰিবলৈ বিভিন্ন পক্ষ তৎপৰ হৈ উঠা পৰিলক্ষিত হৈছে৷ কেন্দ্ৰীয় চোৰাংচোৱা সংস্থাই প্ৰকাশ কৰা তথ্য অনুসৰি বিভিন্ন দেশৰ লোকে ভাৰতীয় নাগৰিকত্ব লাভৰ বাবে ধৰ্মান্তৰিত হ’বলৈ ধৰিছে৷
সংস্থাটোৰ সূত্ৰমতে আফগানিস্তান, বাংলাদেশ আৰু ম্যানমাৰৰ বহু মুছলমান লোকে খ্ৰীষ্টান ধৰ্ম গ্ৰহণ কৰিছে৷ যাতে তেওঁলোকে ধৰ্মীয় নিৰ্যাতনৰ বলি হোৱা বুলি উল্লেখ কৰি ভাৰতলৈ আহি নাগৰিকত্ব সংশোধনী আইনৰ সুবিধা ল’ব পাৰে৷
ইতিমধ্যেই ৰহিঙীয়া আৰু আফগান মুছলমানৰ বহু সংখ্যক লোকে খ্ৰীষ্টান ধৰ্ম গ্ৰহণ কৰাৰ ভয়ংকৰ তথ্য পোহৰলৈ আহিছে৷
প্ৰকাশিত তথ্য অনুসৰি ম্যানমাৰৰ পৰা অহা ৰহিঙীয়াসকলে এতিয়া ভাৰতীয় নাগৰিকত্ব লাভ কৰাৰ স্বাৰ্থত নিজকে বাংলাদেশৰ পৰা অহা বুলি পৰিচয় দিবলৈ আৰম্ভ কৰিছে৷