গুৱাহাটীঃ ক’ৰোনা ভাইৰাছৰ প্ৰাদুৰ্ভাৱ আৰু লকডাউনে ছাত্ৰ-ছাত্ৰীসকলৰ শৈক্ষিক ভৱিষ্যৎ অনিশ্চয়তাৰ গৰাহলৈ ঠেলি দিয়াৰ পৰিপ্ৰেক্ষিতত ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ অধীনত যোৰহাট অভিযান্ত্ৰিক মহাবিদ্যালয়ে অষ্টম ষান্মাসিক পৰীক্ষা অনলাইনৰ জৰিয়তে অনুষ্ঠিত কৰিছে৷
অভিযান্ত্ৰিক মহাবিদ্যালয়ৰ চূড়ান্ত বৰ্ষৰ শিক্ষাৰ্থীসকলৰ ভৱিষ্যতৰ প্ৰতি লক্ষ্য ৰাখি বিশ্ববিদ্যালয় কৰ্তৃপক্ষই তেওঁলোকৰ পৰীক্ষা অনলাইনৰ জৰিয়তে অনুষ্ঠিত কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰে৷
লকডাউনৰ বাবে বিভিন্ন স্থানত আৱদ্ধ হৈ থকা অভিযান্ত্ৰিক মহাবিদ্যালয়খনৰ ৩০২ গৰাকী শিক্ষাৰ্থীয়ে অনলাইনযোগে পৰীক্ষাত অৱতীৰ্ণ হয়৷
চিত্ৰৰ উৎসঃ ইণ্টাৰনেট