গুৱাহাটীঃ গুৱাহাটীৰ পশ্চিম প্ৰান্তৰ দীপৰ বিলৰ পৰা আৰম্ভ কৰি অসম-মেঘালয় সীমান্তৰ শুকুৰবৰীয়া হৈ প্ৰায় লোহাৰঘাটৰ সমীপলৈকে সামৰি থকা ৬,৬২৪ হেক্টৰ মাটিকালিৰে পৰিবেষ্টিত ৰাণী সংৰক্ষিত বনাঞ্চলখন ৰাজ্যৰ এখন অন্যতম বনাঞ্চল হিচাপে বৃটিছৰ সময়ৰে পৰা পৰিগণিত হৈ আহিছে। শাল, চেগুন, আহু, কৰৈ, অক্টিম, মাকেৰিশালকে ধৰি বিভিন্ন মূল্যবান গছ-গছনিৰে পৰিবেষ্টিত নয়নাভিৰাম প্ৰাকৃতিক সৌন্দৰ্যৰে ভৰপুৰ বনাঞ্চলত হাতী, নাহৰফুটুকী বাঘ, হৰিণ, বন গাহৰি, বনৰীয়া মুৰ্গী, অজগৰকে ধৰি বিভিন্ন প্ৰজাতিৰ সৰীসৃপ, মইনা, ভাটৌকে ধৰি বিভিন্ন প্ৰজাতিৰ চৰাই আছে। কিন্তু ৰাণী বনাঞ্চলত বহু দুষ্পাপ্য প্ৰজাতিৰ উদ্ভিদ-জীৱ-জন্তু থকা স্বত্তেও অসম চৰকাৰৰ বন বিভাগৰ ঊৰ্দ্ধতম কৰ্তৃপক্ষই ৰাণী বনাঞ্চলক অৱহেলাৰ দৃষ্টিৰে চোৱা বুলি অঞ্চলটোৰ সচেতন লোকসকলে মন্তব্য কৰিছে। বিশেষকৈ বনাঞ্চলখনৰ আয়তন আৰু ভৌগোলিক জটিলতাৰ প্ৰতি লক্ষ্য ৰাখি বনৰক্ষী-বনপালকসহ যিমানখিনি বনকৰ্মী থাকিব লাগিছিল তাতকৈ বহু কম থকাত বনাঞ্চলত পহৰা দিয়া কাৰ্যত বাধাৰ সৃষ্টি হোৱা বুলি জানিব পৰা গৈছে। ৰাণী বনাঞ্চলৰ অধীনৰ শুকুৰবেৰীয়া, জয়পুৰ, নালাপাৰা, গাৰোপাৰা, চেচা, সজ্বনপাৰা, হাতীমৰাঘুলি আদি খণ্ড বন কাৰ্যালয়ত মাত্ৰ দুজন বা তিনিজন বনকৰ্মীহে নিয়োজিত হৈ আছে। সমান্তৰালভাৱে অসম বন সুৰক্ষা বাহিনীৰ সহস্ৰ জোৱানৰ সংখ্যা হৈছে মাত্ৰ ১১ জনহে। ফলত সীমিত সংখ্যক বনকৰ্মীয়ে নিজৰ জীৱনক তুচ্ছ কৰিও বনাঞ্চল পহৰা দি থকা বুলি ৰাণী বনাঞ্চলিক বিষয়া মনোৰঞ্জন বৰ্মনে জানিবলৈ দিয়ে। যাৰ বাবে সময়ে সময়ে দুষ্কৃতিকাৰীৰ লক্ষ্য হৈ পৰিছে বনাঞ্চলিক বিষয়া কাৰ্যালয়ৰ অধীনৰ ৰাণী, জৰাশাল আৰু কাৱাচিং সুৰক্ষিত বনাঞ্চলত সীমিত সংখ্যক বনকৰ্মীয়ে একে সময়তে গছ-গছনি ৰক্ষা, বনৰীয়া হাতীৰ উপদ্ৰৱ পৰা কৃষক ৰাইজক ৰক্ষা কৰিবলগীয়া হৈছে।