নিউজ ডেস্কঃ চলিত বৰ্ষৰ বানে বিধ্বস্ত কৰিলে অসমৰ ৰাষ্ট্ৰীয় উদ্যান কাজিৰঙাৰ৷ এটা পষেকতকৈও অধিক সময় পানীৰ তলত থকাৰ পিছত ক্ষয়-ক্ষতিৰ পৰিমাণ পোহৰলৈ আহিছে৷ এই সময়ছোৱাত ১৬টা এশিঙীয়া গঁড়কে ধৰি ১৪৭টা বন্যপ্ৰাণীৰ মৃত্যু হৈছে৷
আনহাতে এই বানত ৰাষ্ট্ৰীয় উদ্যানখনৰ আন্তঃগাঁথনিৰ প্ৰায় ৫০ কোটি টকাৰ ক্ষতি হৈছে বুলি কৰ্তৃপক্ষই জানিবলৈ দিছে৷ এই ক্ষয়-ক্ষতি পুনৰ নিৰ্মাণৰ বাবে তাৎক্ষণিক পৰ্যায়ত প্ৰায় ছয় কোটি টকাৰ প্ৰয়োজন হ’ব বুলি ঊৰ্ধতম মহলে জানিবলৈ দিছে৷
বন বিভাগৰ মতে, এইবাৰৰ বানত উদ্যানখনৰ ভিতৰত চ’ৰাত যি ক্ষয় -ক্ষতি হৈছে সেয়া পূৰণ কৰিবৰ বাবে কিছু সময়ৰ প্রয়োজন হ’ব৷
চিত্ৰৰ উৎসঃ ইণ্টাৰনেট