গুৱাহাটীঃ বানৰ পিছত প্ৰচণ্ড গৰমে দহিছে ৰাজ্যবাসীক৷ পলমকৈ আহিলেও গ্ৰীষ্মই ৰাজ্যবাসীৰ স্বাভাৱিক জীৱনযাত্ৰা ব্যাহত কৰি তুলিছে৷ আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰই প্ৰকাশ কৰা তথ্য অনুসৰি কালি আৰু আজিৰ তাপমান গড়ে ৩৬ ডিগ্ৰী চেলছিয়াছৰ ওপৰত আছে৷
যোৱা দুদিন ৰাজ্যত অব্যাহত থকা তাপমান স্বাভাৱিক তাপমানতকৈ ৬ডিগ্রী ছেলচিয়াছ অধিক৷ আনহাতে কালি আৰু আজি ৰাজ্যত এইবছৰৰ সৰ্বোচ্চ তাপমান স্পর্শ কৰা বুলিও প্রকাশ কৰিছে৷
চিত্ৰৰ উৎসঃ ইণ্টাৰনেট