হেডলাইন৮ বিশেষঃ আগন্তুক বিটিচিৰ নিৰ্বাচনৰ পৰিপ্ৰেক্ষিতত ইউপিপিএল দলৰ কাৰ্যবাহী অধ্যক্ষ প্ৰমোদ বড়োৱে কয় যে তেওঁৰ দৰে বড়োলেণ্ড অঞ্চলত জনসাধাৰণৰ কাষ চাপিবলৈ বিভিন্ন পদক্ষেপ গ্ৰহণ কৰিছে৷
এই নিৰ্বাচন যোৱা এপ্ৰিল মাহতে অনুষ্ঠিত হোৱাৰ কথা আছিল যদিও ক’ৰোনা ভাইৰাছ মহামাৰীৰ পৰিপ্ৰেক্ষিতত ইয়াক পিছুওৱা হয়৷ কিন্তু আনলক ঘোষণা হোৱাৰ লগে লগে অঞ্চলটোৰ ৰাজনৈতিক দলসমূহৰ নেতাসকলে নিৰ্বাচনৰ বাবে উঠি পৰি লাগিছে৷
হেডলাইন৮ৰ তৰফৰ পৰা যোৱা ৯ আগষ্ট ২০২০ তাৰিখ দেওবাৰে প্ৰমোদ বড়োৰ এক বিশেষ সাক্ষাৎকাৰ গ্ৰহণ কৰা হৈছিল৷
সাক্ষাৎকাৰত সোধা বিভিন্ন প্ৰশ্নৰ উত্তৰত তেওঁ হাগ্ৰামা মহিলাৰীৰ নেতৃত্বত বিটিআৰত চলি থকা বিভিন্ন দুৰ্নীতি সন্দৰ্ভত উদ্বেগ প্ৰকাশ কৰে৷ অঞ্চলটোক দুৰ্নীতিমুক্ত কৰাই তেওঁৰ দলৰ প্ৰধান লক্ষ্য বুলি বড়োৱে মন্তব্য প্ৰকাশ কৰে৷
ইউপিপিএলে এইবাৰ ৪০খন আসনৰ বিপৰীতে অতি কমেও ২৪-২৬ খন আসনত জয় লাভ কৰিব বুলি জানিবলৈ দিছে৷ এই সন্দৰ্ভত তেওঁ এইদৰে কয়, ‘‘আমি ৪০খন আসনতেই মনোনয়ন দাখিল কৰিছিলো যদিও ছালাকাটিৰ প্ৰাৰ্থীজন ঢুকুৱাত আমাৰ এজন প্ৰাৰ্থী হ্ৰাস পায়৷’’
উল্লেখ্য, বড়োলেণ্ডত প্ৰায় ৭০ শতাংশ লোকেই অবড়ো আৰু ইউপিপিএলে তেওঁলোকৰ আত্মবিশ্বাস অৰ্জন কৰিবলৈ সমৰ্থ হ’ব বুলি প্ৰমোদ বড়োৱে আশা প্ৰকাশ কৰে৷
বড়োলেণ্ডৰ নিৰ্বাচনত হিমন্ত বিশ্ব শৰ্মাই প্ৰমোদ বড়োক প্ৰক্ষেপ কৰি অসমৰ আগন্তুক বিধানসভা নিৰ্বাচনত ইউপিপিএলৰ সৈতে বিজেপিৰ মিত্ৰতা হ’ব বুলি প্ৰকাশ পোৱা উৰাবাতৰি সন্দৰ্ভত প্ৰমোদ বড়োৱে কয় যে অসমক নেতৃত্ব প্ৰদান কৰিবলৈ হিমন্ত বিশ্ব শৰ্মাৰ দৰে সুযোগ্য নেতাৰ প্ৰয়োজন৷ এই মুহূৰ্তত তেওঁৱেই এজন সুযোগ্য নেতা যিয়ে ৰাজ্যখনক উচ্চতাত অৱৰোহণ কৰাব পাৰিব৷’’
বিজেপিৰ সৈতে মিত্ৰতা সন্দৰ্ভত হেডলাইন৮ৰ তৰফৰ পৰা সোধা প্ৰশ্নক কৌশলেৰে এৰাই প্ৰমোদ বড়োৱে এটা মিচিকিয়া হাঁহি মাৰি কয় যে আমি তেওঁলোকক এই সন্দৰ্ভত কোনো প্ৰস্তাৱ দাখিল কৰা নাই৷ প্ৰথমে বিটিচি, তাৰ পিছতহে আমি সেই বিষয়ে ভাবিম৷