নিউজ ডেস্কঃ অসম চুক্তিৰ ৬নং দফা ৰূপায়ণৰ বাবে গঠিত উচ্চস্তৰীয় সমিতিৰ প্রতিবেদন কেন্দ্রীয় চৰকাৰে কার্যকৰী নকৰাৰ আশংকাতে মঙলবাৰে এক সংবাদ মেলত আছুৱে সমগ্র প্রতিবেদনখন ৰাজহুৱা কৰে৷ সংবাদ মেলত আছুৰ সভাপতি দীপাংক কুমাৰ নাথে কয় যে বিজেপিৰ ৰাজ্যিক সভাপতিগৰাকীয়ে টেলিভিছন চেনেলত দিয়া এক সাক্ষাৎকাৰত কৈছে যে প্রতিবেদনখনত কিছুমান কার্যকৰী কৰিব নোৱাৰা বিষয় অন্তর্ভুক্ত হৈ আছে৷ অর্থাৎ মুখ্যমন্ত্রীৰ হাতত জমা দিয়া গোপন প্রতিবেদনখন বিজেপিৰ কিছুসংখ্যক মানুহে ইতিমধ্যে লাভ কৰিছে৷ ইয়াৰ পাছত অসমৰ ৰাইজেও প্রতিবেদনত আচলতে কি আছে, সেয়া জানিব বিচাৰিছে৷ গতিকে আছুৱে প্রতিবেদনখন ৰাজহুৱা কৰাৰ সিদ্ধান্ত ল’লে৷ আনহাতে, আছুৰ মুখ্য উপদেষ্টা ড০ সমুজ্জ্বল ভট্টাচার্যই কয় যে অসমে ১৯৫১ চনৰ পৰা ১৯৭১ চনলৈ বিদেশীৰ বোজা লৈছে৷ সেই বাবে অসম চুক্তিৰ ৬নং দফাৰ জৰিয়তে সাংবিধানিক ৰক্ষাকৱচ প্রদানৰ কথা কোৱা হৈছিল৷ কা আন্দোলনৰ সময়ত কেন্দ্রই এই দফা ৰূপায়ণৰ বাবে এখন সমিতি গঠন কৰিছিল৷ কিন্তু চুক্তিৰ ৫নং দফাক নস্যাৎ কৰি ৬নং দফা ৰূপায়ণ কৰিবলৈ যোৱা বাবে এই সমিতিত কোনেও অংশগ্রহণ নকৰিলে৷ ইয়াৰ পাছতে দিল্লীত নতুনকৈ চৰকাৰ আহিল৷ যোৱা ৫ মাহ ধৰি অসমৰ ৰাইজ ৰৈ আছে প্রতিবেদনত কি আছে, সেই কথা জানিবলৈ৷ কিন্তু প্রতিবেদন কার্যকৰী কৰিবৰ বাবে চৰকাৰে কি যো–জা চলাইছে, সেয়াও বিগত সময়ছোৱাত নজনালে৷ ড০ ভট্টাচার্যই লগতে কয় যে সাধাৰণ পৰামর্শ সম্বলিত প্রতিবেদন এখন চৰকাৰক দাখিল কৰা হোৱা নাই৷ কিদৰে এই পৰামর্শসমূহ সাংবিধানিকভাৱে কার্যকৰী কৰিব পাৰি, তাৰ পথো প্রতিবেদনত দেখুৱাই দিয়া হৈছে৷ সংবাদ মেলত ভিডিঅ’ কনফাৰেঞ্চিঙৰ জৰিয়তে অংশগ্রহণ কৰি বিশিষ্ট অধিবক্তা নিলয় দত্তই কয় যে সমিতিয়ে দাখিল কৰা প্রতিবেদনখন যে সম্পূর্ণ শুদ্ধ বা নিখুঁত হ’ব, সেই দাবী কৰিব পৰা নাযায়৷ গতিকে প্রতিবেদনখন ৰাজহুৱা কৰি দিয়াটো প্রয়োজনীয় আছিল, যাতে ৰাইজেও নিজৰ মতামত ব্যক্ত কৰিব পাৰে৷ প্রতিবেদনখন ৰাজহুৱা কৰি দিয়া বাবে তেওঁ আছু নেতৃত্বক অভিনন্দন জনায়৷ তেওঁ লগতে আশা প্রকাশ কৰে যে অসম চৰকাৰ আৰু ভাৰত চৰকাৰে সোনকালে প্রতিবেদনখন কার্যকৰী কৰিবৰ বাবে ব্যৱস্থা গ্রহণ কৰিব৷ লক্ষণীয় কথাটো হ’ল প্রতিবেদনখনত বিপ্লৱ শর্মা নেতৃত্বাধীন সমিতিখনৰ সকলো সদস্যই স্বাক্ষৰ কৰিছে যদিও সদস্য সচিব তথা কেন্দ্রীয় চৰকাৰৰ প্রতিনিধি এছ গার্গে স্বাক্ষৰ কৰাৰ পৰা বিৰত থাকিল৷ এয়া কেন্দ্রীয় চৰকাৰৰ আন্তৰিকতাহীনতাৰ প্রতিফলন বুলি ড০ সমুজ্জ্বল ভট্টাচার্যই মন্তব্য কৰে৷