নিউজ ডেস্কঃ ক’ৰোনাা ভাইৰাছৰ সংক্রমণৰ শংকা, প্রতিৰোধৰ বাবে গ্রহণ কৰা বিভিন্ন সতর্কতাৰ মাজেৰে আজি সমগ্র দেশৰ লগতে অসমতো ৭৪ সংখ্যক স্বাধীনতা দিৱস উদযাপন কৰা হৈছে৷ এইবাৰ অনাড়ম্বৰভাৱে উদযাপিত কৰা হৈছে স্বাধীনতা দিৱস৷ খানাপাৰাত থকা পশু চিকিৎসা মহাবিদ্যালয়ৰ খেলপথাৰত ক’ভিড-১৯ত আক্রান্তসকলৰ বাবে কেয়াৰ চেণ্টাৰ স্থাপন কৰাত এইবাৰ জজ খেলপথাৰত স্বাধীনতা দিৱসৰ পতাকা উত্তোলন কৰিছে মুখ্যমন্ত্রী সর্বানন্দ সোণোৱালে৷
মন্ত্রী পৰিষদৰ সদস্যসকলেও পতাকা উত্তোলনৰ দায়িত্ব লাভ কৰা জিলাসমূহৰ সদৰত আজি উপস্থিত হৈছে৷
ৰাজ্যৰ সাধাৰণ প্রশাসন বিভাগে স্বাধীনতা দিৱস পালন কৰাৰ ক্ষেত্রত ৰাজ্যিক আৰু জিলা পর্যায়ত কেতবোৰ নিয়ম-নীতি বান্ধি দিছে৷ স্বাধীনতা দিৱসৰ কার্যসূচীত এইবাৰ নাই কোনোধৰণৰ গীত-নৃত্যৰ কোনো সাংস্কৃতিক অনুষ্ঠান আৰু খেলা-ধূলাৰ কার্যসূচী৷
জজ ফিল্ডত অনুষ্ঠিত হ’ব লগীয়া কার্যসূচীত জনসাধাৰণৰ উপস্থিতিত প্রশাসনে বাধা আৰোপ কৰা নাই যদিও দহ বছৰৰ তলৰ শিশুৱে অংশগ্রহণ কৰাত বাধা প্ৰদান কৰা হৈছে৷ কার্যসূচীত অংশগ্রহণ কৰাসকলে সামাজিক দূৰত্ব ৰক্ষা কৰাৰ লগতে মাস্ক পৰিধান কৰিব লাগিব৷