নিউজ ডেস্কঃ ক’ৰোনাৰ সংক্ৰমণৰ বাবে বিগত কেইবামাহো ধৰি বন্ধ হৈ আছে ৰাজ্যৰ স্কুল-কলেজ। কিন্তু শেহতীয়াকৈ শিক্ষাৰ্থীসকলৰ ভৱিষ্যতৰ কথা চিন্তা কৰি ৰাজ্য চৰকাৰে স্কুল কলেজ খোলাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে।
শিক্ষামন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কয় যে এই ক্ষেত্ৰত আমি ৰাজ্যৰ জনসাধাৰণৰ পৰামৰ্শ বিচাৰিছো। বহু পৰামৰ্শ আমালৈ আহিছে আৰু যিকলে পৰামৰ্শ দিব বিচাৰে তেওঁলোকে দিব পাৰে। আমি সকলো পৰামৰ্শ চালি-জাৰি চাই ২৫ আগষ্টত এক সিদ্ধান্ত ল’ম। গতিকে ২৫ আগষ্টৰ পাছত স্কুল-কলেজ খোলাৰ সম্ভাৱনা আছে৷