নিউজ ডেস্কঃ আজি প্ৰাক্তন প্ৰধানমন্ত্ৰী অটল বিহাৰী বাজপেয়ীৰ মৃত্যু তিথি। বাজপেয়ীৰ সমাধিস্থলত উপস্থিত হৈ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে ৰাষ্ট্ৰপতি ৰামনাথ কোবিন্দ, প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী, উপৰাষ্ট্ৰপতি ভেংকয়া নাইডুকে ধৰি বিজেপিৰ শীৰ্ষ নেতৃবৃন্দই।
প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে টুইটযোগে জনায় যে অটলজীৰ দেশৰ বাবে বহুতখিনি অৱদান আছে। তেওঁৰ প্ৰতি শ্ৰদ্ধা প্ৰতিজন ভাৰতীয়ৰ আছে। তেওঁ অটল বিহাৰী বাজপেয়ীৰ সৈতে কিছু পুৰণি ফটো শ্বেয়াৰ কৰে টুইটাৰত।
উল্লেখ্য, ২০১৮ চনত এইমছত বিজেপিৰ এই পিতামহগৰাকীৰ মৃত্যু ঘটিছিল৷
Paid tributes to respected Atal Ji at Sadaiv Atal this morning. pic.twitter.com/9pEnLeqXmz
— Narendra Modi (@narendramodi) August 16, 2020