নিউজ ডেস্কঃ অক্টোবৰত হ’বলগীয়া টি-২০ বিশ্বকাপ ক্ৰিকেট প্ৰতিযোগিতা বাতিল নকৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে আই চি চিয়ে। বৃহস্পতিবাৰে এই সন্দৰ্ভত আই চি চিৰ মুখ্য কাৰ্যবাহী কমিটীৰ সদস্যৰ মাজত হোৱা টেলি কনফাৰেঞ্চত বিশদ ভাবে আলোচনা কৰা হয়। এই সভাত অংশগ্ৰহণ কৰে বিচিচিআইৰ সচিব জয় শ্বাহে।বৈঠকত পূৰ্ব নিৰ্ধাৰিত সূচী অনুসৰিয়েই টি-২০ বিশ্বকাপ প্ৰতিযোগিতা অনুষ্ঠিত কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰা হয়।