নিউজ ডেস্কঃ কেন্দ্ৰীয় চৰকাৰ আৰু ৰাজ্য/কেন্দ্ৰশাসিত প্ৰদেশসমূহৰ সমন্বয়মূলক প্ৰয়াসৰ ফলত ভাৰতত আজি ৩ কোটিতকৈও অধিক ক’ভিড পৰীক্ষণ সম্পন্নৰে নতুন অভিলেখ সৃষ্টি কৰিছে৷ বিগত ২৪ ঘণ্টাত ৭,৩১,৬৯৭টা পৰীক্ষণ সম্পন্ন হোৱাৰ জৰিয়তে ভাৰতত প্ৰতিদিনে ১০ লাখকৈ পৰীক্ষণ সম্পন্ন হ’বলৈ ধৰিছে৷ প্ৰতি মিলিয়নত ২১,৭৬৯টাকৈ পৰীক্ষণ সম্পন্ন হ’ব ধৰিছে৷
১৪ জুলাই ২০২০ত মুঠ পৰীক্ষণৰ সংখ্যা ১.২ কোটি হোৱাৰ বিপৰীতে ১৬ আগষ্ট ২০২০ত মুঠ পৰীক্ষণ ৩ কোটিলৈ বৃদ্ধি পাইছে৷ সেই একে সময়ছোৱাতে পজিটিভিটীৰ হাৰো ৭.৫%ৰ পৰা ৮.৮১%লৈ বৃদ্ধি পাইছে৷
দ্ৰুত গতিত সম্পন্ন কৰা পৰীক্ষণসমূহৰ বাবে ক’ভিড-১৯ৰ পজিটিভ ৰোগীসকলৰ চিনাক্তকৰণ আৰু আইচ’লেচন সম্ভৱ হৈছে৷ মৃত্যুৰ হাৰো দ্ৰুত গতিত অৱনমিত হৈছে৷
বৰ্তমানে ১৪৭০টা গৱেষণাগাৰত ক’ভিডৰ পৰীক্ষণসমূহ সম্পন্ন কৰা হৈছে৷ ইয়াৰে চৰকাৰী গৱেষণাগাৰ হ’ল ৯৬৯ টা আৰু ব্যক্তিগতখণ্ডৰ গৱেষণাগাৰ হ’ল ৫০১ টা৷
এই সমূহৰ ভিতৰতঃ
- বাস্তৱিক সময়ৰ আৰটি পিচিআৰভিত্তিক পৰীক্ষণ গৱেষণাগাৰঃ ৭৫৪ (চৰকাৰী ৪৫০ + ব্যক্তিগত ৩০৪)
- ট্ৰুনেট ভিত্তিক পৰীক্ষণ গৱেষণাগাৰঃ ৫৯৯ (চৰকাৰী ৪৮৫ + ব্যক্তিগত ১১৪)
- চিবিএনএএটি ভিত্তিক গৱেষণাগাৰঃ ১১৭ (চৰকাৰী ৩৪ + ব্যক্তিগত ৮৩)