নিউজ ডেস্কঃ আত্মনিৰ্ভৰ ভাৰতৰ ক্ষেত্ৰত কৃষিখণ্ডৰ বাবে আত্মনিৰ্ভৰশীলতা অধিক গুৰুত্বপূৰ্ণ হৈ পৰিছে৷ ইয়াৰ বাবে দেশৰ বাবে বৈদেশিক বিনিয়োগৰ উপাৰ্জনৰ উপৰিও কৃষিজাত সামগ্ৰীৰ ৰপ্তানিও অধিক গুৰুত্বপূৰ্ণ হৈ পৰিছে কিয়নো ৰপ্তানিৰ জৰিয়তে কৃষক/উৎপাদক/ৰপ্তানিকাৰীসকলে আন্তৰ্জাতিক বজাৰত নিজৰ উপাৰ্জন বৃদ্ধি কৰিবলৈ সুযোগ লাভ কৰে৷ ৰপ্তানিৰ দ্বাৰা কৃষি খণ্ডত কভাৰেজ বৃদ্ধি আৰু উৎপাদনশীলতা বৃদ্ধিৰ ক্ষেত্ৰতো উন্নত ফলাফল প্ৰদৰ্শিত হৈছে৷
বিশ্ব বাণিজ্য সংস্থাৰ বাণিজ্য পৰিসংখ্যা অনুসৰি বিশ্বৰ কৃষি বাণিজ্যত ভাৰতৰ কৃষিজাত ৰপ্তানি আৰু আমদানি ২০১৭ চনত যথাক্ৰমে আছিল ২.২৭% আৰু ১.৯০%৷ আনকি ক’ৰোনা মহামাৰীৰ সময়ছোৱাতো ভাৰতত খাদ্য শৃংখল যোজনাত কোনো বিৰতি পৰা নাছিল৷ মাৰ্চ ২০২০ৰ পৰা জুন ২০২০লৈ কৃষিজাত সামগ্ৰীৰ ৰপ্তানি আছিল ২৫৫৫২.৭ কোটি টকা আৰু ২০১৯ চনত ৰপ্তানি আছিল ২০৭৩৪.৮ কোটি টকা য’ত ২৩.২৪% বৃদ্ধি হোৱা পৰিলক্ষিত হৈছে৷
ভাৰতৰ কৃষিজাত জিডিপি হিচাপে কৃষিজাত সামগ্ৰীৰ ৰপ্তানি ২০১৭-১৮ৰ ৯.৪%ৰ পৰা ২০১৮-১৯ৰ ৯.৯%লৈ বৃদ্ধি পাইছে৷ আনহাতে কৃষিজাত জিডিপি হিচাপে কৃষিজাত সামগ্ৰীৰ আমদানি ৫.৭%ৰ পৰা ৪.৯%লৈ হ্ৰাস পাইছে৷
১৯৫০-৫১ চনত ভাৰতৰ কৃষিজাত সামগ্ৰীৰ ৰপ্তানি আছিল ১৪৯ কোটি টকা আৰু ই ২০১৯-২০ত ২.৫৩ লাখ কোটি টকালৈ বৃদ্ধি পাইছে৷ বিগত ১৫ বছৰত ৰপ্তানিৰ ক্ষেত্ৰত এক ব্যাপক পৰিৱৰ্তন হোৱা পৰিলক্ষিত হৈছে৷
বিশ্বৰ ভিতৰতে ঘেঁহু উৎপাদনত ভাৰতে দ্বিতীয় স্থান অধিকাৰ কৰাৰ বিপৰীতে ৰপ্তানিৰ ক্ষেত্ৰত ৩৪ সংখ্যক স্থান লাভ কৰিছে৷ আনহাতে বিশ্বৰ ভিতৰতে শাক-পাচলি উৎপাদনৰ ক্ষেত্ৰত তৃতীয় স্থান অধিকাৰ কৰিও ৰপ্তানিৰ ক্ষেত্ৰত ভাৰতে ১৪ সংখ্যক স্থান লাভ কৰিছে৷ সেয়ে ৰপ্তানিৰ ক্ষেত্ৰতো শীৰ্ষ স্থান অধিকাৰ কৰিবলৈ সক্ৰিয় পদক্ষেপ গ্ৰহণৰ আৱশ্যক৷
এই পৰিপ্ৰেক্ষিতত ডিএচিএণ্ডএফডব্লিউয়ে কৃষি বাণিজ্য উত্তৰণৰ বাবে এক ব্যাপক কাৰ্যকৰী পৰিকল্পনা/কৌশল প্ৰস্তুত কৰিছে৷ বৰ্তমানৰ পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি সামগ্ৰী গোটৰ বিশ্লেষণ কৰা হৈছে৷ কৃষিজাত সামগ্ৰীৰ ৰপ্তানিত মূল্য সংযোজন আৰু আমদানিৰ বাবে বিকল্প কাৰ্যকৰী পৰিকল্পনা আদিৰ ক্ষেত্ৰতো গুৰুত্ব প্ৰদান কৰা হৈছে উক্ত পদক্ষেপসমূহ সময়ভিত্তিক কাৰ্যকৰী পৰিকল্পনালৈ পৰিৱৰ্তিত কৰা হৈছে৷
এই ক্ষেত্ৰত উদ্যানশস্যকো গুৰুত্ব প্ৰদান কৰা হৈছে৷ ফলমূল আৰু শাক-পাচলিৰ উৎপাদনৰ ক্ষেত্ৰত ভাৰতে দ্বিতীয় স্থান অধিকাৰ কৰিছে৷ ভাৰতে বছৰি ৫৬৩৮ কোটি টকাৰ ৮.২৩ লাখ মেট্ৰিকটন ফলমূল আৰু ৫৬৭৯ কোটি টকাৰ ৩১.৯২ লাখ মেট্ৰিকটন শাক-পাচলি ৰপ্তানি কৰিছে৷
কৃষি মন্ত্ৰালয়ৰ অধীনত কৃষিজাত সহযোগিতা আৰু কৃষক কল্যাণ বিভাগৰ নিৰ্দেশনা অনুসাৰে কৃষিজাত সামগ্ৰীৰ ৰপ্তানিৰ উত্তৰণ বাবে এক বিশেষ এক্সপ’ৰ্ট প্ৰমোচন ফ’ৰাম গঠন কৰা হৈছে৷ কৃষিজাত আৰু সংসাধিত খাজ্য সামগ্ৰী ৰপ্তানি বিকাশ প্ৰাধিকৰণ (এপিইডিএ), বাণিজ্য বিভাগৰ অধীনত আঙুৰ, আম, কল, পিয়াঁজ, ধান, নিউট্ৰি-চেৰেল, ডালিম আৰু ফুলৰ খেতিকে ধৰি আঠটা খণ্ডৰ বাবে এই ইপিএফ গঠন কৰা হৈছে৷
প্ৰতিখন ইপিএফত প্ৰাসংগিক সামগ্ৰীৰ ৰপ্তানিকাৰী, বিভাগীয় মন্ত্ৰালয়ৰ চৰকাৰী সদস্য অন্তৰ্ভুক্ত থাকিব৷ এপিইডিএৰ অধ্যক্ষই প্ৰতিখন ফ’ৰামৰ অধ্যক্ষ হিচাপে কাৰ্যনিৰ্বাহ কৰিব৷ প্ৰতি দুমাহৰ মূৰে মূৰে ইয়াৰ বৈঠক অনুষ্ঠিত হ’ব৷
এই ফ’ৰামে নিৰন্তৰে সামগ্ৰীসমূহৰ উৎপাদনৰ ক্ষেত্ৰত বহিঃ/অন্তৱৰ্তী পৰিস্থিতি চিনাক্ত কৰি নিৰীক্ষণ কৰিব৷ তেওঁলোকে সক্ৰিয়ভাৱে উৎপাদক, ৰপ্তানিকাৰীসকলৰ সংস্পৰ্শত থাকিব৷
এই ফ’ৰামে কৃষি মন্ত্ৰালয়ৰ সংশ্লিষ্ট সংস্থা যেনে এমআইডিএইচ, এক্সটেনচন, এনপিপিঅ’ ইত্যাদি, অসামৰিক বিমান পৰিবহণ মন্ত্ৰালয়, এমঅ’এফপিআই আদিৰ সৈতে কৃষিজাত সামগ্ৰীৰ ৰপ্তানি সংক্ৰান্তীয় বিষয়ত যোগাযোগ কৰিব৷