গুৱাহাটীঃ মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই আজি জনতা ভৱনত এক সংবাদ মেলত অংশগ্ৰহণ কৰে৷ সংবাদ মেলত মন্ত্ৰীগৰাকীয়ে ঘোষণা কৰা বিষয়সমূহ-
- ৰাষ্ট্ৰীয় শিক্ষানীতি ৰূপায়ণৰ বাবে কমিটী গঠন
- ২১-৩০ আগষ্টলৈ শিক্ষকৰ বাবে ক’ভিড পৰীক্ষা বাধ্যতামূলক
- ১ ছেপ্টেম্বৰৰ পৰা কৰ্মক্ষেত্ৰত যোগদান কৰিব শিক্ষক-শিক্ষয়িত্ৰীসকলে
- যোগদান নকৰিলে কৰ্তন কৰা হ’ব দৰমহা
- ক’ৰোনা নিগেটিভৰ প্ৰমাণ পত্ৰসহ যোগদান কৰিব লাগিব কৰ্মত
- ২০২০ৰ বাবে মহাবিদ্যালয়সমূহত ২৫ শতাংশ আসন বৃদ্ধিৰ নিৰ্দেশ
- ৭৪৪০টা টেট শিক্ষক পদৰ বিজ্ঞাপন দিয়া হ’ব
- ২৭ আগষ্টত এলপি, এমইৰ ৩০০গৰাকী শিক্ষকক নিযুক্তি পত্ৰ
- বাকীসকলে ৱেবছাইটৰ পৰা নিযুক্তিপত্ৰ ডাউনলোড কৰিব পাৰিব
- উচ্চতৰ মাধ্যমিক পৰীক্ষাত প্ৰথম বিভাগত উত্তীৰ্ণ ২২ হাজাৰ শিক্ষাৰ্থীলৈ একোখনকৈ স্কুটি দিয়া হ’ব
- স্কুটি সন্দৰ্ভত sebaonline.org ত তথ্য লাভ কৰিব
- ১৫ অক্টোবৰৰ ভিতৰত বিতৰণ কৰা হ’ব স্কুটি
- শিক্ষাৰ্থীয়ে নিজে পঞ্জীয়ন কৰিব লাগি স্কুটি
- ৩ বছৰ পৰ্যন্ত স্কুটিখন বিক্ৰী কৰিব নোৱাৰিব
- ৯ খন উচ্চতৰ মাধ্যমিক, ১৪৯খন জুনিয়ৰ কলেজৰ প্ৰাদেশিকীকৰণ
- ২৭খন মহাবিদ্যালয়ৰ প্ৰাদেশিকীকৰণ
- প্ৰথম পদক্ষেপত ১৯৭খন হাইস্কুলৰ প্ৰাদেশিকীকৰণ
- আজিৰে পৰা ভাদমহীয়া নাম প্ৰসংগ আৰম্ভ হোৱাৰ পৰিপ্ৰেক্ষিতত নামঘৰত ক’ৰোনাৰ বিধি মানি চলিবলৈ আহ্বান
- প্ৰতিদিনে ১৫ গৰাকীকৈ লোকক সত্ৰ নামঘৰলৈ আহিবলৈ আহ্বান
- ৫ ছেপ্টেম্বৰত ১৫০ শিক্ষকক লৈ পালন কৰা হ’ব শিক্ষক দিৱস