নিউজ ডেস্কঃ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ নেতৃত্বত ২০১৪ চনত শাসনত অহাৰ পাছত উত্তৰ পূৱৰ যিকেইখন ৰাজ্যৰ ৰাজধানী চহৰ ৰেল সংযোগৰ পৰা বাদ পৰি গৈছে সেই চহৰ সমূহক ব্ৰডগজ ৰেল পথৰে সংযোগ কৰা হব বুলি ঘোষণা কৰিছিল । সেই ঘোষণা অনুসৰি ৰেল মন্ত্ৰালয়ে মিজোৰামৰ ৰাজধানী আইজল , মণিপুৰৰ ৰাজধানী ইম্ফল , নাগালেণ্ডৰ ৰাজধানী কহিমা আৰু মেঘালয়ৰ ৰাজধানী শ্বিলঙলৈ ৰে’ল সংযোগৰ কাম আৰম্ভ কৰে । কিন্ত শ্বিলঙৰ বাহিৰে বাকী তিনিখন ৰাজধানী চহৰলৈ বিভিন্ন প্ৰতিকূল পৰিবেশ আৰু ভৌগোলিক জটিলতা নেওচি উত্তৰ পূব সীমান্ত ৰে’লৱেৰ নিৰ্মাণ বিভাগৰ মহাপ্ৰবন্ধকৰ কাৰ্যালয়ে নিৰ্মাণ কাৰ্য অব্যাহত ৰাখিছে । কিন্তু ইয়াৰ বিপৰীতে গুৱাহাটীৰ পৰা ওচৰত থকা শ্বিলং সংযোগী ৰে’ল পথৰ মেঘালয়ৰ অংশখিনিত প্ৰাৰম্ভিক কাম – কাজ আৰম্ভ কৰিব পৰা হোৱা নাই । অৱশ্যে ৰে’ল পথছোৱাৰ অসমৰ অংশখিনিৰ সোণাপুৰৰ ওচৰৰ তেঁতেলীয়াৰ পৰা মেঘালয়ৰ ৰিভয় জিলাৰ বৰ্ণিহাটৰ সমীপলৈ ২২ কিঃমিঃ দৈৰ্ঘ্যৰ ৰে’ল পথ নিৰ্মাণৰ কাম প্ৰায় ডেৰ বছৰ পূৰ্বেই সম্পূৰ্ণ হৈছে । কিন্তু খাছী ছাত্র সন্থাকে ধৰি ৰাজ্যখনৰ বিভিন্ন ৰাজনৈতিক – অৰাজনৈতিক দল – সংগঠনৰ বাধাৰ বাবে বৰ্ণিহাটৰ পৰা শ্বিলঙলৈ ১০৮ কিঃমিঃ দৈৰ্ঘ্যৰ ৰে’ল পথৰ নিৰ্মাণৰ প্ৰাৰম্ভিক কাম – কাজ আৰম্ভ কৰিব পৰা হোৱা নাই । আনকি শেহতীয়াভাবে খাছী পাহাৰ জিলা স্বায়ত্ব পৰিষদৰ( KHADC ) ফালৰ পৰা ৰে’ল পথ নিৰ্মাণৰ বাবে ভূমি অধিগ্ৰহণকে ধৰি ৰেলপথ নিৰ্মাণৰ বাবে আপত্তিবিহীন প্ৰমাণ পত্ৰ তথা এন ও চি দিয়া নহব বুলি পৰিবহণ বিভাগক স্পষ্ট কৰি দিয়ে । উল্লেখ্য যে ৰেল বিভাগৰ ফালৰ পৰা মেঘালয় চৰকাৰৰ পৰিবহণ বিভাগক ভূমি অধিগ্ৰহণ আৰু কিছু প্ৰাৰম্ভিক কাম – কাজত সহায় কৰি দিয়াৰ বাবে অনুৰোধ জনোৱা হৈছিল ।কিন্ত KHDAC ৰ মুখ্য কাৰ্যবাহী সদস্য ট্ৰিলোষ্টাৰ কাইনে ৰিভয় জিলাৰ উপায়ুক্তৰ উপস্থিতিত অলপতে অনুষ্ঠিত এখন সভাত ৰেলপথ নিৰ্মাণৰ বাবে এন ও চি দিয়া নহয় বুলি স্পষ্ট কৰি দিয়াৰ পাছত শ্বিলঙলৈ যে ৰে’ল সংযোগ সহজতে নহব সেয়া নিশ্চিত হল । ফলত বৰ্ণিহাট – শ্বিলং ৰে’ল প্ৰকল্প পুনৰ অনিশ্চয়তাৰ গৰ্ভলৈ গতি কৰাটো স্পষ্ট হৈ পৰিল । জানিব পৰা মতে ৰাজ্যখনৰ আন কেইবাটাও সংগঠনে আন্ত ৰাজ্যিক পাৰপত্ৰ বা আই এল পি ৰ ব্যৱস্থা কৰিলে ৰে’ল পথ নিৰ্মাণত আপত্তি নাই বুলি সদৰি কৰিছে ।