নিউজ ডেস্কঃ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ অধ্যক্ষতাত অনুষ্ঠিত কেন্দ্ৰীয় কেবিনেট বৈঠকত ভাৰতীয় বিমান প্ৰাধিকৰণ(এএআই)ৰ তিনিটা বিমান বন্দৰ ক্ৰমে-জয়পুৰ, গুৱাহাটী আৰু থিৰুৱন্তপুৰমক চৰকাৰী বেচৰকাৰী অংশীদাৰিত্ব(পিপিপি)ৰ জৰিয়তে লিজত দিয়াৰ প্ৰস্তাৱত অনুমোদন জনাইছে৷
কেন্দ্ৰীয় কেবিনেটে ভাৰতীয় বিমান প্ৰাধিকৰণৰ জৰিয়তে বিশ্বজুৰি আয়োজন কৰা প্ৰতিযোগিতামূলক নিবিদাত সফল হোৱা মেচাৰ্চ আদানী এণ্টাৰপ্ৰাইজেছ লিমিটেডক ৫০ বছৰৰ বাবে তিনিটা বিমান বন্দৰ ক্ৰমে-জয়পুৰ, গুৱাহাটী আৰু থিৰুৱন্তপুৰম বন্দৰৰ পৰিচালনা, ব্যৱস্থাপনা আৰু উন্নয়নৰ বাবে লিজত দিয়াৰ প্ৰস্তাৱত স্বীকৃতি প্ৰদান কৰে৷
এই প্ৰকল্পসমূহৰ জৰিয়তে ৰাজহুৱা খণ্ডত প্ৰয়োজনীয় বিনিয়োগ পুৰণৰ উপৰি সেৱা, বিশেষজ্ঞতা, উদ্যমিতা আৰু ব্যৱসায়িক দক্ষতা আহিব৷