নিউজ ডেস্কঃ ২০২১ চনৰ বিধানসভা নির্বাচন চমু চাপি অহাৰ সময়ত ৰাজ্যত শেহতীয়াকৈ বহুকেইটা নতুন দল গঠনৰ প্রক্রিয়া আৰম্ভ হৈছে৷ ইয়াৰ মাজতে আজি কৃষক মুক্তি সংগ্রাম সমিতিয়ে এটা নতুন আঞ্চলিক ৰাজনৈতিক দল গঠনৰ কথা ঘোষণা কৰে৷ আনহাতে, ২০২১ চনৰ বিধানসভা নির্বাচনত কৃষক-নেতা অখিল গগৈয়ে ৰাজনীতিৰ পথাৰখনত খোজ দিয়াটো নিশ্চিত হৈছে৷
উল্লেখযোগ্য যে শেহতীয়াকৈ ৰাজ্যত সাংসদ অজিত ভূঞাৰ নেতৃত্বত, জ্যেষ্ঠ অধিবক্তা অৰূপ বৰবৰা আৰু প্রখ্যাত চিত্র নির্মাতা-পৰিচালক জাহুু বৰুৱাৰ নেতৃত্বত আৰু আছু-অসম জাতীয়তাবাদী যুৱ-ছাত্র পৰিষদৰ নেতৃত্বত আঞ্চলিক ৰাজনৈতিক দল গঠনৰ প্রক্রিয়া চলি থকাৰ মাজতে আজি কৃষক মুক্তি সংগ্রাম সমিতিয়েও এটা নতুন আঞ্চলিক দল গঠনৰ কথা ঘোষণা কৰে৷
আজি এখন সংবাদমেল পাতি সংগঠনটোৰ সভাপতি ভাস্ক’ ডি শইকীয়াই ইতিমধ্যে নতুন আঞ্চলিক ৰাজনৈতিক দলটোৰ লক্ষ্য-উদ্দেশ্য, নাম, সংবিধান আৰু কর্মসূচী চূড়ান্ত কৰা বুলি প্রকাশ কৰে৷ তেওঁ এটা আপোচবিহীন নতুন আঞ্চলিক দল গঠন কৰাৰ কথা ঘোষণা কৰে৷ লগতে দলটোৱে ৰাজনৈতিকভাৱে ফেডাৰেল, অর্থনৈতিকভাৱে আত্মনির্ভৰশীল, সামাজিক আৰু সাংস্কৃতিকভাৱে ঐক্যবদ্ধ আৰু মানসিকভাৱে বিজ্ঞানসন্মত অসম গঢ়াৰ সংকল্প লোৱা বুলিও প্রকাশ কৰে৷
কাৰামুক্ত হৈ মুক্ত আকাশৰ তললৈ ওলাই অহাৰ পাছতে কৃষক-নেতা অখিল গগৈয়ে নতুন দলটোৰ নাম আনুষ্ঠানিকভাৱে ঘোষণা কৰিব বুলিও সভাপতি ভাস্ক’ ডি শইকীয়াই সদৰী কৰে৷ তেওঁ কয় যে দলটোৰ সংবিধান আৰু কর্মসূচী ইতিমধ্যে প্রস্তুত কৰা হৈছে৷ এই কর্মসূচীক তেওঁলোকে অসমবাসীৰ জাতীয় কর্মসূচী নামকৰণ কৰিছে৷
আনহাতে, অসমৰ আঞ্চলিক শক্তিসমূহ পৃথক পৃথক হৈ থাকিলে বিজেপি লাভৱান হ’ব বুলি প্রকাশ কৰি এইমুহূর্তত ঐক্যবদ্ধ আঞ্চলিক শক্তি গঢ়ি তোলাটো অসমবাসীৰ জাতীয় কর্তব্য বুলি প্রকাশ কৰে৷ আনহাতে, কৃষক মুক্তিৰ নতুন দলটোৱে কোনো ৰাষ্ট্রীয়তাবাদী আৰু সাম্প্রদায়িক দলৰ সৈতে বুজাপৰা নকৰে বুলিও তেওঁ স্পষ্ট কৰে৷ অহা নির্বাচনত কৃষক-নেতা অখিল গগৈয়ে ৰাজনীতিৰ পথাৰত ভৰি দিয়াটো নিশ্চিত বুলি সদৰী কৰি ভাস্ক’ ডি শইকীয়াই কয় যে অহা নির্বাচনত নতুন দলটোৱে মুখ্যমন্ত্রী পদৰ বাবে অখিল গগৈকে প্রক্ষেপ কৰিব৷
অৱশ্যে, তেওঁ কোন সমষ্টিৰ পৰা প্রতিদ্বন্দ্বিতা কৰিব সেয়া এই পর্যন্ত নিশ্চিত হোৱা নাই৷ নাগৰিকত্ব সংশোধনী আইনৰ বিৰোধিতা কৰি যোৱা ৮ মাহ ধৰি কাৰাৰুদ্ধ হৈ থকা অখিল গগৈ অহা অক্টোবৰ মাহৰ ভিতৰত মুক্ত আকাশৰ তললৈ ওলাই আহিবলৈ সক্ষম হ’ব বুলি আশা প্রকাশ কৰি কৃষক মুক্তিৰ সভাপতিজনে কয় যে অসমৰ ৰাইজৰ সহযোগত অখিল গগৈক কাৰামুক্ত কৰাৰ বাবে সংগঠনটোৱে তীব্র আইনী যুঁজ দিয়াৰ প্রক্রিয়া আৰম্ভ কৰিছে৷
সোনকালে তেওঁ মুক্ত হৈ এই প্রক্রিয়াটোক আগবঢ়াই নিব বুলি তেওঁ আশা প্রকাশ কৰে৷ আনহাতে, কৃষক মুক্তিয়ে শিৱসাগৰত পূর্বে গঠন কৰা ৰাজনৈতিক দল গণমুক্তি সংগ্রাম, অসমৰ কাম-কাজ আগবঢ়াই নিনিয়াৰ সিদ্ধান্ত গ্রহণ কৰা বুলি সদৰী কৰি নতুন দলটোৰ সৈতে আগৰ দলৰ কোনো সম্পর্ক নাথাকিব বুলি কয়৷ লগতে নতুন দলটোৱে নতুন নামেৰে আৰু নতুন ৰূপত আত্মপ্রকাশ কৰিব বুলিও তেওঁ প্রকাশ কৰে৷
ইফালে নতুন আঞ্চলিক দলটোৱে সকলো জাতি-জনগোষ্ঠী, ধর্ম, ভাষা, বর্ণৰ মানুহকে সামৰি ল’ব বুলি প্রকাশ কৰি তেওঁ সকলো আঞ্চলিকতাবাদত বিশ্বাসী, অসমৰ স্বাভিমানৰ প্রতি দায়বদ্ধ, জাতীয় ভাবাপন্ন, ধর্মনিৰপেক্ষ, আপোচহীন আৰু প্রগতিশীল ব্যক্তিক নতুন দলত যোগদান কৰিবলৈ আৰু সহযোগ কৰিবলৈ তেওঁ আহবান জনায়৷
সমগ্র অসমে এতিয়া অখিল গগৈৰ মুখলৈ বাট চাই থকা বুলিও ভাস্ক’ ডি শইকীয়াই প্রকাশ কৰে৷ ইফালে কৃষক মুক্তি সংগ্রাম সমিতিয়ে নিজৰ অৰাজনৈতিক চৰিত্র বজাই ৰাখিব বুলি তেওঁ কয়৷ আছুৰ সৈতে নতুন দল গঠন কৰাক লৈ এতিয়ালৈ আনুষ্ঠানিকভাৱে আলোচনা কৰা নাই বুলি প্রকাশ কৰি সকলো জাতীয়-জনগোষ্ঠীয় দল-সংগঠনৰ সৈতে এই বিষয়ত সংগঠনটোৱে আলোচনা কৰিব বুলি কয়৷