নিউজ ডেস্কঃ দেশৰ প্রাক্তন মুখ্য ন্যায়াধীশ তথা ৰাজ্য সভাৰ সাংসদ ৰঞ্জন গগৈ ৰাজ্যৰ পৰৱর্তী মুখ্যমন্ত্রী হ’ব পাৰে বুলি প্রাক্তন মুখ্যমন্ত্রী তৰুণ গগৈয়ে কৰা মন্তব্যক নস্যাৎ কৰিছে প্রাক্তন ন্যায়াধীশগৰাকীয়ে৷
দেশৰ এখন আগশাৰীৰ বার্লোচনীৰ আগত দিয়া সাক্ষাৎকাৰত প্রাক্তন মুখ্য ন্যায়াধীশগৰাকীয়ে কয় যে তেওঁ পৰৱর্তী মুখ্যমন্ত্রী হ’ব বিচৰা নাই৷ এনেবোৰ কামৰ সৈতে তেওঁৰ নাম জড়িত কৰিব নালাগে বুলিও প্রাক্তন মুখ্য ন্যায়াধীশগৰাকীয়ে স্পষ্ট কৰে৷
উল্লেখযোগ্য যে প্রাক্তন মুখ্যমন্ত্রী তৰুণ গগৈয়ে কালি সংবাদ মাধ্যমৰ আগত প্রাক্তন মুখ্য ন্যায়াধীশগৰাকী ৰাজ্যৰ পৰৱর্তী মুখ্যমন্ত্রী হ’ব পাৰে বুলি তথ্যৰ আধাৰত মন্তব্য কৰা বুলি দাবী কৰিছিল৷ ৰাজনৈতিক সূত্র আৰু আৰ এছ এছৰ তৰফৰ পৰা এই কথা জানিছিল বুলি মন্তব্য কৰিছিল৷ কিন্তু প্রাক্তন মুখ্যমন্ত্রীজনৰ এই মন্তব্য আজি প্রাক্তন মুখ্য ন্যায়াধীশগৰাকীয়ে পোনছাটেই নাকচ কৰে৷