নিউজ ডেস্কঃ আগন্তুক ২০২১ বৰ্ষৰ নিৰ্বাচনৰ বাবে অসমৰ ৰাজনীতিৰ পৰিবেশ উত্তাল হৈ থকাৰ মুহূৰ্ততে শেহতীয়াকৈ মুখ্যমন্ত্ৰী পদৰ দাবীদাৰ ড০ হিমন্ত বিশ্ব শৰ্মাৰ এটা টুইটে চৌদিশে তোলপাৰ লগাইছে৷ এলানি টুইটত বিজেপিৰ প্ৰভাৱশালী নেতাগৰাকীয়ে এইবুলি উল্লেখ কৰিছে যে আগন্তুক ২০২১ বৰ্ষৰ নিৰ্বাচনত তেওঁ প্ৰতিদ্বন্ধিতা নকৰে৷ তেওঁ কয় যে প্ৰতিদ্বন্ধিতাৰ ফলত দলৰ প্ৰতি থকা তেওঁৰ ভূমিকা সীমিত হৈ পৰিব৷
এই সন্দৰ্ভত অসমৰ ৰাজনীতিত বিভিন্ন গুণাগঁথা চলিবলৈ ধৰিছে৷ বিজেপিৰ একাংশ নেতাই কৈছে যে আগন্তুক নিৰ্বাচত হিমন্ত বিশ্ব শৰ্মাই মুখ্যমন্ত্ৰীৰ পদৰ দাবীদাৰ হোৱাৰ বিপৰীতে সৰ্বাদা (সৰ্বানন্দ সোণোৱাল) পিছুৱাই আহিব৷
হেডলাইন৮ক এক আচুতীয়া সাক্ষাৎকাৰত শৰ্মাৰ একেবাৰে নিকট সহযোগীয়ে কোৱা মতে যিকোনো সময়তে দলৰ হাইকমাণ্ডে মুখ্যমন্ত্ৰী পৰিৱৰ্তনৰ বাবে সেউজ সংকেত প্ৰদান কৰিব পাৰে৷ এই সন্দৰ্ভত অসম বিজেপিৰ ৰাজ্যিক সভাপতি ৰঞ্জিৎ কুমাৰ দাসে কয় যে বিজেপি হাইকমাণ্ডে বিষয়টোৰ ওপৰত সিদ্ধান্ত গ্ৰহণ কৰিব আৰু তেওঁলোকৰ সিদ্ধান্তক ৰাজ্যিক নেতৃবৰ্গই আদৰি ল’ব৷
অলপতে কনিষ্ঠ মন্ত্ৰী পীয়ুষ হাজৰিকাই মন্ত্ৰী শৰ্মাৰ মুখ্যমন্ত্ৰী হ’ব পৰা সকলো গুণ আছে বুলি মন্তব্য কৰিছিল৷
কিন্তু স্বাস্থ্য মন্ত্ৰীগৰাকীয়ে প্ৰকাশ কৰা টুইটে এই আটাইবোৰ সমীকৰণ ওলট-পালট কৰি দিলে৷ শৰ্মাৰ অতি ঘনিষ্ঠ সহযোগী এজনে কোৱা অনুসৰি, ‘‘বিজেপি এনেকুৱা এটা দল য’ত হাইকমাণ্ডেই সকলো সিদ্ধান্তৰ চূড়ান্ত ৰায়দান দিয়ে৷ ৰাজ্যিক মন্ত্ৰীয়েই হওক অথবা মুখ্যমন্ত্ৰীয়েই হওক, সকলো প’ৰ্টফলিঅ’ দিল্লীয়ে নিৰ্ধাৰণ কৰে৷ হাইকমাণ্ডে যিয়ে নিৰ্দেশ দিয়ে ৰাজ্যিক দলসমূহে মানিবই লাগিব৷’’
শৰ্মাৰ টুইট সন্দৰ্ভত মন্তব্য প্ৰদান কৰি তেওঁ কয়, ‘‘হিমন্তৰ টুইটে কেৱল জুইত সাৰ-পানী যোগাইছে৷ হিমন্তইও হাইকমাণ্ডৰ নিৰ্দেশমতেই কাম কৰিব৷ যদি হাইকমাণ্ডে তেওঁক মুখ্যমন্ত্ৰীৰ ৰূপত প্ৰক্ষেপ কৰে তেন্তে তেওঁ ৰাজ্যৰ মুখ্যমন্ত্ৰী হ’বলৈও প্ৰস্তুত৷’’
শেহতীয়াকৈ স্বাস্থ্যমন্ত্ৰীগৰাকীয়ে এটা ব্যক্তিগত ছেটেলাইট চেনেলত দিয়া সাক্ষাৎতকাৰত কংগ্ৰেছকে ধৰি ১০০ গৰাকী বিধায়ক তেওঁৰ পক্ষত আছে বুলি উল্লেখ কৰিছিল৷ আৰু যেতিয়াই তেওঁ ১০০ বিধায়কৰ সৈতে ৰাজ্যপালক সাক্ষাৎ কৰিব তেতিয়াই বিৰোধী আৰু সমালোচকসকলে গম পাব বুলিও তেওঁ উল্লেখ কৰে৷