নিউজ ডেস্কঃ অহা ছেপ্তেম্বৰ মাহৰ ভিতৰত আৰু ১০হাজাৰ শিক্ষকক নিযুক্তি প্ৰদান কৰা হ’ব। আজি শিক্ষা মন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই এই কথা ঘোষণা কৰিছে৷
নতুনকৈ নিযুক্তি লাভ কৰা শিক্ষকসকলক ৰাজনীতি, নিৰ্বাচনৰ পৰা আঁতৰত থাকিবলৈ মন্ত্ৰী শৰ্মাই আহ্বান জনায়। উল্লেখযোগ্য যে প্ৰায় তিনি বছৰৰ পিছত আজি ৰাজ্য চৰকাৰৰ শিক্ষা বিভাগে উচ্চ আৰু নিম্ন প্ৰাথমিক বিদ্যালয়ত ৯,৬৩৫ গৰাকী শিক্ষকক স্থায়ী নিযুক্তি পত্ৰ বিতৰণ কৰে।
ইয়াৰে শীৰ্ষ ৩০০গৰাকী শিক্ষকক শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত আজি মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল আৰু শিক্ষামন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ উপস্থিতিত নিযুক্তি পত্ৰ প্ৰদান কৰা হয়।