নিউজ ডেস্কঃ আগন্তুক ২০২১ বৰ্ষৰ বিধানসভাৰ নিৰ্বাচনৰ পৰিপ্ৰেক্ষিতত দলে-বলে একাধিক শিল্পীয়ে ৰাজনৈতিক দলসমূহত মাছৰ উজানৰ দৰে যোগদান কৰিছে৷ কি বিজেপি, কি কংগ্ৰেছ, নামী-দামী গায়ক-অভিনেতা সকলোৱেই ৰাজনৈতিক দলসমূহত উবুৰি খাই পৰিছে৷ যতীন বৰাই সৌ-সিদিনা বিজেপিত পুনৰ যোগদান কৰাৰ পিছৰে পৰা যেন ৰাজনৈতিক দলসমূহত শিল্পীসকলে যোগদান কৰাৰ ঢল উঠিছে৷
শেহতীয়াকৈ হেডলাইন ৮ৰ সৈতে প্ৰস্তুতি পৰাশৰৰ এক সাক্ষাৎকাৰত অভিনেত্ৰীগৰাকীয়ে নতুনকৈ ৰাজনীতিত যোগদান কৰা শিল্পীসকলৰ বিৰুদ্ধে ক্ষোভ উজাৰি কয় যে তেওঁলোকে পূৰ্বে ‘কা’ আন্দোলনৰ বিৰুদ্ধে মাত মাতি এতিয়া পুনৰ কা প্ৰণয়ন কৰা দলটোৰ সৈতে মিলি গৈছে৷ তেওঁলোকে নিজৰ গণভিত্তি হেৰুওৱাৰ উপক্ৰম হৈছে৷ ৰাজনীতিত শিল্পীসকলে যোগদান কৰাত কোনো আপত্তি নাই বুলি তাৎপৰ্যপূৰ্ণ মন্তব্য কৰি অভিনেত্ৰীগৰাকীয়ে কয় যে ‘কা’ আন্দোলন সমৰ্থনকাৰী দলত যোগদানৰ জৰিয়তে সেই তথাকঠিত শিল্পীসকলে নিজৰ মৰ্যাদা হেৰুৱাইছে৷ এই সন্দৰ্ভত হেডলাইন ৮ৰ তৰফৰ পৰা বিজেপিত যোগদান কৰা সীমান্ত শেখৰক সাক্ষাৎকাৰৰ বাবে যোগাযোগ কৰা হৈছিল যদিও তেওঁ সাক্ষাৎকাৰ প্ৰদানৰ পৰা বিৰত থাকে৷
আনহাতে, সংগীত পৰিচালক অজয় ফুকনে বাবুকে ধৰি অন্যান্য শিল্পীসকলৰ সৈতে যোগদান কৰিছে কংগ্ৰেছৰ শিবিৰত৷ হেডলাইন ৮ৰ সৈতে হোৱা এক সাক্ষাৎকাৰত অজয় ফুকনে ‘কা’ আন্দোলনৰ বিৰোধিতা কৰা দলৰ সৈতে চামিল হৈ ৰাজ্যখনৰ উন্নয়নৰ স্বাৰ্থত কাম কৰি যাব বুলি মন্তব্য প্ৰকাশ কৰিছে৷ সাক্ষাৎকাৰত তেওঁ বিজেপিত যোগদান কৰা শিল্পীসকলে সম্পূৰ্ণ ব্যক্তিগত স্বাৰ্থৰ লোভত ‘কা’ আন্দোলনক মষিমূৰ কৰিবলৈ ওলাইছে বুলি অভিযোগ কৰে৷ প্ৰয়োজনত তেওঁ চাবুৱা সমষ্টিৰ পৰাও প্ৰতিদ্বন্ধিতা কৰিবলৈ সাজু বুলি উল্লেখ কৰে৷
একাংশ ৰাইজৰ মতে ৰাজনীতিত যোগদান কৰি কিছুমান শিল্পীৰ ডুবন্ত নৌকা উদ্ধাৰৰ প্ৰয়াস চলিছে বুলিও প্ৰকাশ পাইছে৷ আনহাতে কিছুমান শিল্পীয়ে দুমুখীয়া চৰিত্ৰ প্ৰকাশ কৰা বুলিও হেডলাইন ৮ৰ ভিডিঅ’ত একাংশ লোকে মন্তব্য প্ৰকাশ কৰিছে৷
এতিয়া প্ৰশ্ন হয়, সঁচাকৈয়ে এইসকল শিল্পীয়ে কেৱল নিজৰ মাতৃভূমিৰ উন্নতিৰ বাবে ৰাজনীতিৰ আশ্ৰয় ল’বলগীয়া হৈছে নে তেওঁলোকৰ ডুবন্ত কেৰিয়াৰ পুনৰ গঢ়ি তোলাৰ যোঁজা কৰিছে? সময়ে হয়তো তেওঁলোকৰ প্ৰকৃত মানসিকতা উদঙাই দিব৷ অপেক্ষা মাথোঁ আগন্তুক ২০২১ৰ সাধাৰণ নিৰ্বাচনলৈ৷