নিউজ ডেস্কঃ ৰাজ্য চৰকাৰে দুযোর্গ প্রশমন সম্পর্কীয় নির্দেশনাত আংশিক সংশোধনী ঘটাইছে৷ এই সন্দর্ভত আজি মুখ্য সচিব কুমাৰ সঞ্জয় কৃষ্ণই নতুন নির্দেশনা জাৰি কৰিছে৷ এতিয়াৰ পৰা শনিবাৰেও কেন্দ্র আৰু ৰাজ্য চৰকাৰৰ কার্যালয়, স্বায়ত্ত পৰিষদ, বেংক, ৰাজহুৱা খণ্ডৰ কার্যালয়ত কর্মচাৰীৰ উপস্থিতি আৰু চলাচলৰ অনুমতি প্রদান কৰা হৈছে৷ এইক্ষেত্রত পূর্বতে আৰোপ কৰা নিষেধাজ্ঞা ৰদ কৰা হৈছে৷
ৰাজ্যৰ সকলো কার্যালয়ত কর্মৰত শনিবাৰৰ দিনা পুৱা ৫ বজাৰ পৰা নিশা ৯ বজাপর্যন্ত কর্মচাৰীসকল উপস্থিত থাকিব পাৰিব৷ উল্লেখযোগ্য যে শনি আৰু দেওবাৰৰ পূর্বঘোষিত সাপ্তাহিক লকডাউনৰ নীতি-নির্দেশনাত এইক্ষেত্রত কিছু প্রতিবন্ধকতা আছিল৷ ইফালে বহুসংখ্যক লোকে কৰ’না সম্পর্কত জাৰি কৰা নির্দেশ বিশেষকৈ সামাজিক দূৰত্ব মানি নচলা, মাস্ক নিপিন্ধাত অসন্তুষ্টি ব্যক্ত কৰিছে ৰাজ্যৰ মুখ্য সচিবগৰাকীয়ে৷
একাংশ নীতি-নির্দেশনা নমনাৰ বাবেই কৰ’না সংক্রমণ বৃদ্ধি পোৱা বুলি আজি সংবাদ মাধ্যমৰ আগত তেওঁ প্রতিক্রিয়া প্রকাশ কৰে৷ পৰিস্থিতি এইদৰে থাকিলে আৰু মানুহে নিয়ম মানি নচলিলে চৰকাৰে পুনৰ লকডাউনৰ চিন্তা কৰিবলৈ বাধ্য হ’ব বুলি মুখ্য সচিবে সকীয়াই দিয়ে৷