নিউজ ডেস্কঃ পাঁচজন ভাৰতীয় খেলুৱৈক চলিত বৰ্ষৰ সন্মানীয় ৰাজীৱ গান্ধী খেল ৰত্ন বঁটাৰে সন্মানিত কৰা হৈছে৷ ২৯ আগষ্টত অনুষ্ঠিত এক ভাৰ্চুৱেল সন্মিলনত ৰাষ্ট্ৰপতি ৰাম নাথ কোৱিন্দে ৰাষ্ট্ৰপতি ভৱনৰ পৰা এই বঁটা প্ৰদান কৰে৷
মণিকা বাট্ৰা, মৰিয়াপ্পান থাংগাভেলু, ৰাণী ৰামপাল, ৰোহিত শৰ্মা, বিনেশ ফোগাটক এইবাৰ এই সন্মানীয় বঁটাৰে সন্মানিত কৰা হৈছে৷
উল্লেখ্য, বিনেশ ফোগাট ক’ভিড-১৯ত আক্ৰান্ত হোৱা বাবে এই অনুষ্ঠানত উপস্থিত থাকিব নোৱাৰিলে৷