নিউজ ডেস্কঃ বাঘজানৰ তেলখাদত জ্বলি থকা জুই নির্বাপনৰ ক্ষেত্রত ৰাজ্য চৰকাৰেও হাত দাঙিলে৷ তেলখাদত জুই জ্বলাৰ ফলত বাঘজান আৰু দাঁতিকাষৰীয়া অঞ্চলৰ ৰাইজৰ মাজলৈ চৰম বিপর্যয় নামি আহিল যদিও জুই নির্বাপনৰ বাবে আৰু কিছুদিনৰ প্রয়োজন হ’ব বুলি মন্তব্য কৰিছে উদ্যোগ মন্ত্রী চন্দ্রমোহন পাটোৱাৰীয়ে৷
কংগ্রেছৰ বিধায়ক দুর্গা ভূমিজে কাৰ অমনোযোগিতা বা ভুলৰ বাবে বাঘজানত জুই জ্বলিবলৈ পালে তাৰ বাবে তদন্তৰ দাবী জনায়৷ বিধানসভাত শূন্যকালীন ঘণ্টাত বাঘজানবাসীয়ে সন্মুখীন হোৱা ক্ষয়-ক্ষতিৰ বাবে অইল কর্তৃপক্ষই যথোপযুক্তভাৱে সাহায্য নিদিয়াৰ অভিযোগ উত্থাপন কৰি কয় যে অঞ্চলটোত বৃদ্ধি পোৱা প্রদূষণৰ ফলত গর্ভৱতী মহিলাই মৃত সন্তান প্রসৱ কৰাৰ দৰে ঘটনা ঘটিবলৈ পাইছে৷
তেওঁ কয় যে একাংশ লোকক ক্ষতিপূৰণ আদায় দিয়া হৈছে যদিও অধিকাংশ মানুহকে অইল কর্তৃপক্ষই ক্ষতিপূৰণ আদায় দিয়া নাই৷ প্রাপ্য ক্ষতিপূৰণ বিচাৰি মিলনজ্যোতি সংঘৰ উদ্যোগত তিনিচিুকীয়া জিলাৰ উপায়ুক্তৰ কার্যালয়ত বাঘজানবাসীয়ে আন্দোলনৰ কার্যসূচী পালন কৰি থকাৰ কথা ৰাজ্য চৰকাৰক দৃষ্টিগোচৰ কৰে৷