নিউজ ডেস্কঃ অসমত পুনৰ এক নতুন ৰাজনৈতিক সমীকৰণ আৰম্ভ হ’ল৷ শাসনাধিষ্ঠিত বিজেপি নেতৃত্বাধীন মিত্রজোঁটৰ চৰকাৰ আৰু বিৰোধী কংগ্রেছ-এ আই ইউ ডি এফৰ সাম্প্রদায়িক আৰু জনবিৰোধী কাম-কাজত অতিষ্ঠ হৈ কা-আন্দোলনৰ সময়ত জনসাধাৰণে উত্থাপন কৰা বিকল্প আঞ্চলিক ৰাজনৈতিক দলৰ দাবীৰ পৰিপ্রেক্ষিতত আছু আৰু অসম জাতীয়তাবাদী যুৱ-ছাত্র পৰিষদৰ উদ্যোগত জন্ম হ’ল এক নতুন আঞ্চলিক ৰাজনৈতিক দল৷
ৰাজ্যত ভূমিষ্ঠ হ’ল আন এটা জাতীয়তাবাদী দল৷ অৰাজনৈতিক সংগঠন দুটাই গঠন কৰি দিয়া অসম পৰামর্শ সমিতিৰ ৰাজনৈতিক পৰামর্শৰ পাছত গঠিত হোৱা আহবায়ক সমিতিয়ে আজি নতুন দলটোৰ নাম আৰু পূর্ণাংগ আহবায়ক সমিতিৰ নাম ঘোষণা কৰে৷ মুখ্য আহবায়ক ড০ কৃষ্ণগোপাল ভট্টাচার্য আৰু ড০ বসন্ত ডেকাৰ লগতে মুখ্য সমন্বয়ক জগদীশ ভূঞাই আজি নতুন আঞ্চলিক ৰাজনৈতিক দলটোৰ নাম অসম জাতীয় পৰিষদ বুলি ঘোষণা কৰে৷
তেওঁলোকে আজি এক সংবাদমেলযোগে নতুন দলটোৰ নাম ঘোষণা কৰি আজিৰ পৰাই নতুন দলটোৰ সাংগঠনিক কাম-কাজ আৰম্ভ হোৱাৰ কথা প্রকাশ কৰে৷ আনহাতে অহা নৱেম্বৰ মাহৰ প্রথমভাগত নতুন ৰাজনৈতিক দলটো পূর্ণ পর্যায়ত গঠন হ’ব৷ আনহাতে আজি ৩১জনীয়া আহবায়ক সমিতিখন ঘোষণা কৰি আজিৰ পৰা ৰাজ্যৰ ২৫খন জিলাত দলৰ সাংগঠনিক কাম-কাজ আৰম্ভ কৰা বুলি তেওঁলোকে সদৰী কৰে৷
উল্লেখযোগ্য যে মুখ্য আহবায়ক ড০ কৃষ্ণগোপাল ভট্টাচার্য আৰু ড০ বসন্ত ডেকাৰ লগতে মুখ্য সমন্বয়ক জগদীশ ভূঞাই সংবাদমেলত ঘোষণা কৰা আহবায়ক সমিতিত আছুৰ পৰা শেহতীয়াকৈ পদত্যাগ কৰা চিত্তৰঞ্জন বসুমতাৰী, ৰাজু ফুকন, হৰেন চুতীয়া, মিৰণ দেৱী, ইজৰাইল নন্দ, জামান ওৱাহেদুৰ খণ্ডকাৰ, জান বৰা, দীপক হাজৰিকা, বীৰেশ্বৰ মেধি, আনিছুৰ ৰহমান, অমল ডেকা, ডেটাং নাইডিং, ইমদাদ হুছেইন, ৰাজীৱ ভট্টাচার্য, অনন্ত নাৰায়ণ ভট্টাচার্য, চাজিল জামান, বিশ্বজিৎ টিপমীয়া, পলাশ ৰঞ্জন বৰুৱা, চন্দন সন্দিকৈ, বন্তি হাজৰিকা, লাকীমণি বৰুৱা, শিৱৰাম মৰাং, বীৰেন বৰুৱা, এছ এছ হুদাচৌধুৰী, ফকৰুল ইছলাম মজুমদাৰ, এছ এছ সাগৰ গৌড়, বিজয় কুমাৰ দাস আৰু দেৱজিৎ গোস্বামীক অন্তৰ্ভুক্ত কৰা হৈছে৷
আনহাতে প্রয়োজন অনুসৰি আহবায়ক সমিতিত অধিক লোকক অন্তৰ্ভুক্ত কৰা হ’ব বুলিও তেওঁলোকে সদৰী কৰে৷ ইফালে নতুন আঞ্চলিক দলটোৰ গাঁথনি ৫ তৰপীয়া হ’ব৷ দলৰ গাঁথনি ৰাজ্যিক সমিতিৰ পাছত জিলা সমিতি, সমষ্টি সমিতি, আঞ্চলিক সমিতি আৰু শেষত বুথ সমিতি হ’ব৷ কাইলৈৰ পৰা দলৰ বুথ সমিতি গঠনৰ আনুষ্ঠানিক প্রক্রিয়া আৰম্ভ হ’ব আৰু অহা অক্টোবৰ মাহৰ ভিতৰত সকলো বুথ সমিতি গঠন সম্পূর্ণ হ’ব বুলি তেওঁলোকে প্রকাশ কৰে৷ নৱেম্বৰ মাহৰ প্রথম ভাগত এখন জাতীয় অভিৱর্তন অনুষ্ঠিত কৰি তাতে নতুন দলটো আনুষ্ঠানিকভাৱে আত্মপ্রকাশ কৰিব বুলিও আহবায়ক সমিতিয়ে প্রকাশ কৰে৷
লক্ষণীয় যে অসম জাতীয় পৰিষদত আনুষ্ঠানিকভাৱে আৰু অনলাইনযোগে সদস্যভর্তি অভিযান আৰম্ভ হ’ব বুলিও আহবায়ক বসন্ত ডেকাই সদৰী কৰে৷ উল্লেখযোগ্য যে নতুন দলত যুৱপ্রজন্মক অধিক গুৰুত্ব দিয়াৰ কথা ঘোষণা কৰি আহবায়ক সমিতিয়ে কয় যে নতুন আঞ্চলিক দলটোত সকলো জাতি-জনগোষ্ঠীৰ প্রতিনিধি অন্তৰ্ভুক্ত হ’ব৷ দলত যোগ দিয়া লোকসকল নিকা ভাবমূর্তিৰ হ’ব লাগিব বুলিও সদৰী কৰি তেওঁলোকে কয় যে নতুন দলটো এটা সাধাৰণ ৰাজনৈতিক দল হৈ থাকিব বিচৰা নাই৷
মানুহৰ দল হ’ব বিচাৰিছে৷ ইয়াৰ বাবে দলটোৰ শ্ল’গান আৰু দর্শন ‘ঘৰে ঘৰে আমি’ কৰিব বিচৰা বুলি প্রকাশ কৰে৷ বহু লোকৰ পৰামর্শ লৈ নতুন দলটোৰ নাম স্থিৰ কৰা বুলিও সদৰী কৰি তেঁওলোকে কয় যে ইতিমধ্যে নতুন দলত যোগ দিবৰ বাবে বিভিন্ন দলৰ বহু লোকে তেঁওলোকৰ সৈতে যোগাযোগ কৰিছে৷ অন্য দলৰ বিধায়ক, নেতা আদিয়েও বিকল্প ৰাজনৈতিক দলটোত যোগ দিবৰ বাবে যোগাযোগ কৰা বুলি সদৰী কৰি আহবায়ক সমিতিখনে অন্য দলৰ পৰা আহিব বিচৰা লোকসকল নতুন দললৈ অহাৰ উদ্দেশ্য কি সেয়া ভালদৰে পর্যবেক্ষণ কৰাৰ পাছতহে সিদ্ধান্ত লোৱা হ’ব বুলি প্রকাশ কৰে৷
লক্ষণীয় যে মৰিগাঁও জিলা অগপৰ মূল ব্যক্তি বীৰেশ্বৰ মেধিয়ে ইতিমধ্যে নতুন দলত যোগ দিছে আৰু তেওঁক ইতিমধ্যে আহবায়ক মণ্ডলীত স্থান দি মৰিগাঁও জিলাৰ দায়িত্ব অর্পণ কৰা হৈছে বুলি মুখ্য আহবায়ক বসন্ত ডেকাই সদৰী কৰে৷ ইফালে আহবায়ক এইচ এম বৰভূঞাক বৰাকৰ দায়িত্ব অর্পণ কৰাৰ লগতে আছুৰ পৰা পদত্যাগ কৰা চিত্তৰঞ্জন বসুমতাৰীক জোনাই, ধেমাজি আৰু ডিব্রুগড় জিলা, ৰাজু ফুকনক গোলাঘাট, যোৰহাট আৰু শিৱসাগৰ জিলা, হৰেন চুতীয়াক লখিমপুৰ জিলাৰ দায়িত্ব অর্পণ কৰা হৈছে৷
ইফালে নতুন দল আৰু দলে যদি চৰকাৰ গঠন কৰে তেনেহ’লে চৰকাৰৰ ওপৰত চকু ৰাখিবৰ বাবে এখন বিশেষ সমিতিও গঠন কৰাৰ কথা ঘোষণা কৰে আহবায়ক সমিতিয়ে৷ এই সমিতিখন একপ্রকাৰ নতুন দলৰ নীতি নির্ধাৰক সমিতি হিচাপে গণ্য কৰা হ’ব৷ এই সমিতিখন স্থায়ী হ’ব আৰু এই সমিতিৰ তদাৰকত থকাৰ বাবে দলটোৱে কোনো কাৰণতে জাতীয়তাবাদৰ পৰা আঁতৰি যোৱাৰ সুযোগ নাথাকিব বুলি প্রকাশ কৰে৷
নতুন দলটোৰ সৈতে আছুৰ ৰাজনৈতিক সম্পর্ক নাথাকিব যদিও দলৰ কর্মৰাজিৰ ওপৰত আছু আৰু জাতীয়তাবাদী যুৱ-ছাত্র পৰিষদে বৃহত্তৰ স্বার্থত চকু ৰাখিব৷ ইফালে ঐক্যবদ্ধ আঞ্চলিক শক্তিত বিশ্বাস কৰা এই দলে ঐক্যবদ্ধ হ’বৰ বাবে বিভিন্ন দল-সংগঠনৰ সৈতে আলোচনাত মিলিত হ’ব৷
জনগোষ্ঠীয় সংগঠনসমূহৰ সৈতে আছু আৰু জাতীয়তাবাদী যুৱ-ছাত্র পৰিষদে ইতিমধ্যে এলানি আলোচনাত মিলিত হোৱাৰ কথাও আহবায়ক সমিতিয়ে সদৰী কৰে৷ আন এজন মুখ্য আহবায়ক কৃষ্ণগোপাল ভট্টাচার্যই দলৰ সংবিধান আৰু পতাকা নির্মাণ প্রক্রিয়া চলি থকাৰ কথা সদৰী কৰি সংবিধানত মুখ্যতঃ সর্বভাৰতীয় আৰু সাম্প্রদায়িক দলৰ পৰা দূৰত থকাৰ কথা উল্লেখ থাকিব বুলি কয়৷ নতুন দলৰ সফলতা আৰু আঞ্চলিকতাবাদৰ স্বার্থত অগপৰ ব্যর্থতাৰ কাৰণসমূহ বিশ্লেষণ কৰা বুলিও তেওঁ সদৰী কৰে৷