নিউজ ডেস্কঃ বিপিএফ প্ৰধান হাগ্ৰামা মহিলাৰীয়ে নতুন আঞ্চলিক দল সম্পৰ্কে মতামত দি কয় – আমি সংবাদ মাধ্যমৰ পৰা জানিব পাৰিছোঁ যে নতুন আঞ্চলিক দল আহি আছে। আমাৰ ইয়াত কবলৈ একো নাই। আঞ্চলিক দল থাকিলে কাম কৰিবলৈ বেছি ভাল। আমিও আঞ্চলিক দল। আছুৰ উদ্যোগত যি দল আহিব সেয়াও ভালে হব।
নতুন দলক আদৰণি জনাইছে নে নাই বুলি সাংবাদিকৰ প্ৰশ্নৰ উত্তৰত হাগ্ৰামাই কয় – আদৰণি জনোৱাৰ কথা নহয়। ভাল হব বুলিহে কৈছোঁ । কেৱল আঞ্চলিক দলে হওঁক, ৰাষ্ট্ৰীয় দলে হওক যিকোনো দলকে আমি অনুৰোধ জনাম যে বিটিচি’ক স্থানীয় দলক অর্থাৎ বিপিএফ’ক প্ৰাধান্য দিয়ক। বিটিচি’ক কোনো একো ডিষ্টাৰ্ব দিব নালাগে।
“বিটিচি নিৰ্বাচন হৈ লওক আমি তাৰ পিছত আলোচনা কৰিম কাৰ লগত কথা, আলোচনা কৰিম। আমি শক্তিশালী দল , আমাক বিজেপি কংগ্ৰেছ কাৰো সহায় নালাগে” বুলি মন্তব্য দিয়ে হাগ্ৰামাই।