নিউজ ডেস্কঃ মানৱতাৰ প্ৰমূল্যবোধৰ কি সেই কথা বৰ্তমান সময়ত এক ডাঙৰ প্ৰশ্ন যদিও মানৱতাৰ অন্যতম নিৰ্দশন দাঙি ধৰিছে লখিমপুৰ জিলাৰ নাৰায়ণপুৰৰ পলিটেকনিক কলেজ ক’ভিড কেয়াৰ চেন্টাৰত কৰ্মৰত চিকিৎসাক,স্বাস্থ্য কৰ্মী আৰু ক’ভিড-১৯ত আক্ৰান্ত ৰোগীৰ আন্তৰিকতাৰ সমন্বয়ে ৷ কভিড-১৯ত আক্ৰান্ত হৈ পিতৃ মাতৃৰ লগত নাৰায়ণপুৰ পলিটেকনিক কলেজ ক’ভিড কেয়াৰ চেন্টাৰত চিকিৎসা গ্ৰহণ কৰি থকা এগৰাকী সাত বছৰীয়া কণমানিৰ জন্ম দিন বেলুন আঁৰি,কেক কাটি অতি উলহ-মালহেৰে উদযাপন কৰা হয় ক’ভিড কেয়াৰ চেন্টাৰটোত ৷ বিশ্বনাথ চাৰিআলিৰ গেৰুৱাবাৰিৰ নিবাসী তথা লখিমপুৰ লীলাবাৰিৰ ১৩ নং অসম বেটেলিয়নত কৰ্মৰত দীপ কুমাৰ বৰা পত্নী দিব্যজ্যোতি বৰুৱাৰ আৰু কন্যা লক্ষীপ্ৰিয়া বৰা এই তিনিওগৰাকীৰ দেহত ক’ভিড-১৯ৰ অৱস্থিতি ধৰা পৰাৰ পাছত যোৱা ৬ ছেপ্তেম্বৰৰ পৰা নাৰায়ণপুৰ পলিটেকনিক ক’ভিড কেয়াৰ চেণ্টাৰত চিকিৎসাধীন অৱস্থাত থাকিব লগিয়া হৈছিল পৰিয়ালটো ৷ তজবজীয়া কণমানি লক্ষীপ্ৰিয়া কভিড কেয়াৰ চেন্টাৰটোৰ কভিড ৰোগীৰ লগতে চিকিৎসাক স্বাস্থ্য কৰ্মী সকলোৰে প্ৰিয় হৈ পৰিছিল ৷ কণমানি গৰাকীয়ে তাইৰ জন্মদিন কভিড কেয়াৰ চেন্টাৰত উদযাপন নকৰিলে ঘৰলৈ কোনো কাৰণে নাযাওঁ বুলি কোৱাত পিতৃ মাতৃয়ে কেন্দ্ৰটোৰ দায়িত্বত থকা চিকিৎসক ডা° মানৱ জ্যোতি বৰা আৰু ডা° বিজিত দেউৰীক বিষয়টো সন্দৰ্ভত অৱগত কৰাত চিকিৎসক সকলে কণমানিজনীৰ জন্ম দিন উদযাপনৰ বাবে যাৱতীয় কেক্,বেলুন আৰু খাদ্য সামগ্ৰীৰ ব্যৱস্থা কৰি অতি উলহমালহেৰে ক’ভিড চেন্টাৰটোত লক্ষীপ্ৰিয়াৰ জন্মদিন উদযাপন কৰে।