হেডলাইন৮ বিশেষঃ হেডলাইন৮ৰ তৰফৰ পৰা অসম ৰাজ্যিক বিজেপিৰ অৰ্থনৈতিক আহ্বায়ক ড০ দেৱজিৎ মহন্তৰ সৈতে এক সাক্ষাৎকাৰৰ আয়োজন কৰা হৈছিল৷ সাম্প্ৰতিক পৰিস্থিতিত দেশৰ লগতে অসমৰ অৰ্থনীতি বেয়াকৈ বিধ্বস্ত হোৱাৰ পৰিপ্ৰেক্ষিতত হেডলাইন৮ৰ তৰফৰ পৰা এই সম্পৰ্কে উদ্বেগ প্ৰকাশ কৰা হৈছিল৷ ইয়াৰে উত্তৰত ড০ দেৱজিৎ মহন্তই জিডিপিৰ ক্ষেত্ৰত ভাৰতৰ স্থান ঋণাত্মক হোৱা কথাটো স্বীকাৰ কৰে৷ পাঁচ ত্ৰিলিয়নৰ অৰ্থনীতিৰ দেশ হিচাপে গঢ়ি তুলিবলৈ ভাৰতে বহু কষ্ট কৰিব লাগিব বুলিও তেওঁ স্বীকাৰ কৰে৷
দেশৰ সকলো লোককে চাকৰি দিয়াটো সম্ভৱ নহয় বুলি উল্লেখ কৰি মহন্তই চৰকাৰে প্ৰণয়ন কৰা ‘‘স্বয়ম’’ আঁচনিৰ কথা উল্লেখ কৰে৷ এই ক্ষেত্ৰত চৰকাৰী আঁচনিসমূহ যাতে দেশৰ অন্তিমজন লোকলৈ উপলব্ধ হয় তাৰবাবে গণতন্ত্ৰৰ চতুৰ্থ স্তম্ভ হিচাপে সংবাদ মাধ্যমে দায়িত্ব পালন কৰা উচিত বুলিও তেওঁ উল্লেখ কৰে৷ ২০১৬ বৰ্ষৰে পৰা অসমত যথেষ্ট পৰিমাণে নিয়োজনৰ সুবিধা প্ৰদান কৰা হৈছে বুলি তেওঁ এক সংখ্যাগত পৰিলেখ হেডলাইন৮ৰ সন্মুখত দাঙি ধৰে৷
হেডলাইন৮ৰ তৰফৰ পৰা এডভান্টেজ আসাম এক ফুটুকাৰ ফেন বুলি তোলা অভিযোগ পোনচাটেই খণ্ডন কৰি মহন্তই ইয়াৰ জৰিয়তে অসমৰ তৈল ক্ষেত্ৰ সবাতোকৈ অধিক উপকৃত হৈছে বুলি মন্তব্য কৰে৷ কোনো এখন দেশ অথবা কোনো এখন ৰাজ্যই কেৱল চৰকাৰী চাকৰি প্ৰদান কৰি নিবনুৱা সমস্যাৰ সমাধান কৰিব নোৱাৰে বুলি উল্লেখ কৰি অসমত তিনিটা কাৰণত ঔদ্যোগিকীকৰণত বিফল হ’বলগীয়া পৰিস্থিতিৰ সৃষ্টি হৈছে বুলি বিজেপিৰ অৰ্থনৈতিক আহ্বায়কগৰাকীয়ে মন্তব্য কৰে৷ তেওঁ কয় যে অসমত বজাৰৰ অভাৱ, দ্বিতীয়তে প্ৰয়োজনীয় বিদ্যুতৰ অভাৱ আৰু তৃতীয়তে বছৰটোত হোৱা দুটা-তিনিটা আন্দোলনেও অসমৰ অৰ্থনীতি স্থৱিৰ কৰি তুলিছে৷
চাৰি মাহৰ নেৰানেপেৰা ‘কা’ আন্দোলন আৰু বিগত সাত মাহৰ অতিমাৰী ক’ৰোনাৰ ফলত ৰাজ্যখনে মূল্যৱান এঘাৰটা বৰ্ষ হেৰুওৱাৰ ফলত আঁচনিসমূহ কাৰ্যকৰীকৰণত বিলম্বৰ সৃষ্টি হৈছে বুলি মহন্তই হেডলাইন৮ক জানিবলৈ দিয়ে৷
নিয়োজনৰ ক্ষেত্ৰত অসমৰ থলুৱা লোকসকল সদায়েই দ্বিতীয় শাৰীত অৱস্থান কৰে বুলি তোলা অভিযোগৰ উত্তৰত মহন্তই কয় যে ক’ৰোনা মহামাৰীৰ সময়ত যিদৰে অসমলৈ ঘৰুৱা শ্ৰমিকসকল ঘূৰি আহিছে ঠিক সেইদৰে বহিঃ ৰাজ্যৰ শ্ৰমিকসকলো নিজৰ ৰাজ্যলৈ ঘূৰি গৈছে৷ ফলত অসমত চলি থকা নিৰ্মাণৰ কামসমূহত অসমৰ থলুৱা লোকেই নিয়োজিত হৈছে৷
অসমৰ উন্নয়নৰ বাবে খুলি থোৱা বিয়াগোম বিভাগসমূহে যোৱা চাৰে চাৰি বছৰত বিশেষ সফলতা লাভ কৰিবলৈ সক্ষম নহ’ল বুলি উঠা অভিযোগ খণ্ডন কৰি তেওঁ কয় যে যোৱা চাৰে চাৰি বছৰত অসমৰ আন্তঃগাঁথনি যথেষ্ট উন্নত হৈছে৷
সাক্ষাৎকাৰৰ শেষত আহ্বায়ক মহন্তই আগন্তুক দিনকেইটাতো জনসাধাৰণে যাতে দলটোৰ ওপৰত আস্থা ৰাখে, সেই বিশ্বাসেৰে আগুৱাই যাব বুলি মন্তব্য কৰে৷
সাক্ষাৎকাৰ যুগুতালেঃ আকাশ হাজৰিকাই৷