নিউজ ডেস্কঃ বি টি এ ডি কোকৰাঝাৰ জিলাৰ পৰ্বতঝোৰা মহকুমাৰ বগৰীবাৰী আৰক্ষী থানাৰ অন্তৰ্গত আঙ্গাৰকাটাত ৩১ নং ৰাষ্ট্ৰীয় ঘাইপথত আজি এক শোকাৱহ বাইক দুৰ্ঘটনা সংঘটিত হয়। জানিব পৰা মতে আজি আবেলি চানমিয়া সেখ(৪০) বছৰীয়া বাইক আৰোহী জনে তীব্ৰ গতিত বাইক চলাই নিয়ন্ত্ৰণ হেৰুৱাই থিতাতে নিহত হোৱাৰ বাতৰি পোৱা গৈছে।