নিউজ ডেস্কঃ ‘‘নৱেম্বৰলৈকে নকমে আলু-পিয়াঁজৰ মূল্য’’-গুৱাহাটীৰ জনতা ভৱনত চেম্বাৰ্ছ অৱ কমাৰ্চৰ বিষয়ববীয়াৰ সৈতে হোৱা বৈঠকৰ পিছতেই খাদ্য আৰু অসামৰিক যোগান মন্ত্ৰী ফণীভূষণ চৌধুৰীয়ে এই মন্তব্য কৰিছে।
যোগান মন্ত্ৰী ফণীভূষণ চৌধুৰীয়ে কয় যে,”উৎসতেই আলু-পিঁয়াজৰ দাম বাঢ়িছে।যিহেতু উৎসতেই আলু-পিঁয়াজৰ মূল্য বৃদ্ধি পাইছে,সেয়ে নৱেম্বৰলৈ মূল্য হ্ৰাস পোৱাৰ সম্ভাৱনা নাই। এতিয়াৰে পৰা ৰাজ্য চৰকাৰৰ যোগান বিভাগেহে নিৰ্ধাৰণ কৰিব মিঠাতেলৰ মূল্য।”