নিউজ ডেস্কঃ ৰাজ্যৰ বিয়াগোম যোগান বিভাগৰ চূড়ান্ত নির্লিপ্ততাৰ ফলত ঊর্ধ্বগামী হৈয়েই আছে খাদ্য–সামগ্রীৰ মূল্য৷ চাউল, দাইল, চেনি, চাহপাতৰ পৰা আৰম্ভ কৰি মিঠাতেল, আলু–পিঁয়াজলৈকে সকলো খাদ্য–সামগ্রীৰ অত্যধিক মূল্যবৃদ্ধিয়ে কোঙা কৰিছে সর্বসাধাৰণক৷ বিভাগীয় মন্ত্রীজনৰ নির্দেশনাক অংগুষ্ঠ প্রদর্শন কৰি ব্যৱসায়ীয়ে হোৰাহোৰে বৃদ্ধি কৰিয়েই আছে আলু–পিঁয়াজৰ মূল্য৷ চৰকাৰী বিভাগটোৰ চূড়ান্ত ব্যর্থতাৰ ফলতেই বজাৰত হাফ চেঞ্চুৰীৰ ঘৰ অতিক্রম কৰিলে আলু–পিঁয়াজৰ মূল্যই৷ একাংশ অসাধু বণিয়াই আলু–পিঁয়াজৰ আমদানি হ্রাস পোৱাৰ অজুহাত দেখুৱাই পাইকাৰী বজাৰত কৃত্রিম নাটনি সৃষ্টি কৰি মূল্যবৃদ্ধি কৰাৰ ফলত খুচুৰা বজাৰত এই দুয়োবিধ খাদ্য–সামগ্রীৰ মূল্য আকাশলংঘী হৈ পৰিছে৷ কিছুদিন পূর্বলৈকে প্রায় ২৫–৩০ টকাত উপলব্ধ হোৱা আলু–পিঁয়াজৰ মূল্য প্রতি কিলোগ্রামত বর্তমান বজাৰত ৫০ টকাপর্যন্ত বৃদ্ধি পাইছে৷
উল্লেখ্য যে কালি মন্ত্রী ফণীভূষণ চৌধুৰীয়ে চেম্বার্ছ কমার্চৰ সৈতে এক বৈঠকত মিলিত হৈ খাদ্য–সামগ্রীৰ অত্যধিক মূল্যবৃদ্ধি নকৰিবলৈ নির্দেশ দিছিল৷ কিন্তু দুর্ভাগ্যজনকভাৱে মন্ত্রীৰ নির্দেশৰ এদিন পাছতে আলু–পিঁয়াজৰ মূল্য খুচুৰা বজাৰত প্রতি কিলোগ্রামত ৫ টকাকৈ পুনৰ বৃদ্ধি কৰা হ’ল৷ এই কার্যই কেবিনেট মন্ত্রীগৰাকীৰ নির্দেশনা যে মানিবলৈ বণিয়া অকণো দায়বদ্ধ নহয়, সেই কথা প্রকট হৈ পৰিছে৷