নিউজ ডেস্কঃ সম্প্ৰতি গুৱাহাটী চিকিত্সা মহাবিদ্যালয় হাস্পতালত চিকিত্সাধীন হৈ থকা প্ৰাক্তন মুখ্যমন্ত্ৰীগৰাকীক ICUত ভৰ্তি কৰোৱা হৈছে। বুধবাৰে নিশা হঠাত্ অক্সিজেনৰ মাত্ৰা কৰি যোৱাৰ বাবে ICUত ভৰ্তি কৰোৱা হৈছে প্ৰাক্তন মুখ্যমন্ত্ৰীজনক।
চিকিত্সকে জনোৱা মতে, চিন্তাৰ নাই কোনো কাৰণ।
উল্লেখযোগ্য যে, ক’ৰোনাত আক্ৰান্ত হোৱাৰ পিছত গুৱাহাটী চিকিত্সা মহাবিদ্যালয়ত ভৰ্তি কৰোৱা হৈছিল বৰ্ষীয়ান ৰাজনীতিবিদগৰাকীক।
এটা বিশেষজ্ঞ চিকিত্সকৰ দলে বৰ্তমান তদাৰক কৰি আছে প্ৰাক্তন মুখ্যমন্ত্ৰীজনৰ স্বাস্থ্য।
কিছুদিন পূৰ্বে তৰুণ গগৈৰ ক’ৰোনাৰ ফলাফল নিগেটিভ আহিল যদিও, তেওঁক গুৱাহাটী চিকিত্সা মহাবিদ্যালয়তে ৰখা হৈছে।