নিউজ ডেস্কঃ অহা ১অক্টোবৰৰ পৰা যান-বাহনৰ চালকৰ বাবে নতুন নিয়ম।উল্লেখযোগ্য যে,কেন্দ্ৰীয় চৰকাৰে মটৰ ভেহিকল সম্পৰ্কীয় নিয়মৰ সংশোধন ঘটাইছে।
এতিয়াৰে পৰা চালকে আৰু ড্ৰাইভিং লাইচেন্স, ৰেজিষ্টেশ্যন চাৰ্টিফিকেট, ইনছ্যুৰেন্সৰ কাগজ তথা পলিউশ্যন চাৰ্টিফিকেটৰ দৰে জৰুৰী নথিপত্ৰ লগত লৈ নুফুৰিলেও হ’ব।ড্ৰাইভিং লাইচেন্স আৰু ই-চালানকে ধৰি কেইবাখনো গুৰুত্বপূৰ্ণ নথি প’ৰ্টেলৰ জৰিয়তে তদাৰক কৰা হ’ব।
জানিব পৰা মতে,চালকে কেন্দ্ৰীয় চৰকাৰৰ ‘ডিজি লকাৰ’ বা ‘এম পৰিবহন’ প’ৰ্টেলৰ সৈতে ড্ৰাইভিং লাইচেন্সকে ধৰি আন নথিপত্ৰসমূহ সংযুক্ত কৰি ৰাখিব লাগিব।যানবাহন আৰক্ষীৰ হাতত এটা বিশেষ মেচিন দিয়া হ’ব।
সেই মেচিনত গাড়ীৰ ৰেজিষ্টেশ্যন নম্বৰ দিলেই গাড়ীৰ সংক্ৰান্তীয় তথ্য পোৱা যাব।এই নতুন নিয়ম চালক সকলৰ বাবে সুবিধাজনক হ’ব বুলি আশা প্ৰকাশ কৰা হৈছে।