নিউজ ডেস্কঃ ভাৰতবর্ষৰ ভিতৰতে অন্যতম পুৰণি ৰে’ল ষ্টেছন হিচাপে খ্যাত তথা চহৰখনৰ মাজমজিয়াত অৱস্থিত ডিব্রুগড় ৰে’ল ষ্টেছনটো উক্ত স্থানৰ পৰা স্থানান্তৰকৰণৰ এক পৰিকল্পনা কৰা হৈছে৷ উল্লেখযোগ্য যে ১৮৮২ চনৰ ১৫ মে’ৰ পৰা ডিব্রুগড় ষ্টীমাৰঘাটৰ (মোহনঘাট) পৰা ব্রিটিছে ৰে’ললাইন স্থাপন কৰি ৰে’ল চলাচল (সামগ্রী কঢ়িওৱা) আৰম্ভ কৰিছিল৷
অন্যতম পুৰণি তথা ইতিহাসপ্রসিদ্ধ ডিব্রুগড় ৰে’ল ষ্টেছনটো বাণীপুৰত থকা নৱনির্মিত নিউ ডিব্রুগড় ৰে’ল ষ্টেছনলৈ স্থানান্তৰ কৰিবলৈ ইতিমধ্যে ডিব্রুগড়ৰ বিধায়ক প্রশান্ত ফুকনে ৰে’ল মন্ত্র্যালয় আৰু ডিব্রুগড় জিলা প্রশাসনৰ প্রতি লিখিতভাৱে আৱেদন কৰিছে৷ ইতিমধ্যে এই ক্ষেত্রত ডিব্রুগড় জিলা প্রশাসনেও সদিচ্চা প্রকাশ কৰি উপায়ুক্ত পল্লৱ গোপাল ঝাই ৰে’ল কর্তৃপক্ষৰ উচচস্তৰীয় বিষয়ালৈ সহযোগিতা কামনাৰে পত্র প্রদান কৰিছে৷
ডিব্রুগড় চহৰৰ আৰ কে বৰদলৈ পথত থকা ডিব্রুগড় ৰে’ল ষ্টেছনৰ পৰা বর্তমান সীমিতসংখ্যক ৰে’লহে চলাচল কৰে৷ বর্তমান ৰাজধানী এক্সপ্রেছ, ডিব্রুগড়-শিমলুগুৰি যাত্রীবাহী ট্রেইন আৰু ডিব্রুগড়-লিডু যাত্রীবাহী ট্রেইনকেইখনহে এই ষ্টেছনৰ পৰা চলাচল কৰে৷ বাকী সকলো ৰে’ল বাণীপুৰস্থিত নিউ ডিব্রুগড় ৰে’ল ষ্টেছনৰ পৰা চলাচল কৰে৷ সঁচা অর্থত চহৰখনৰ মাজমজিয়াত ষ্টেছনটোৰ সক্রিয়তা নাইকিয়া হৈ পৰাৰ উপৰি মাহিলি ৰে’ল কর্তৃপক্ষই প্রায় ১ কোটি টকাকৈ লোকচানৰ মুখ দেখি আহিছে৷
ইফালে বিধায়ক প্রশান্ত ফুকন আৰু ডিব্রুগড় জিলা প্রশাসনে চহৰখনৰ মাজমজিয়াত থকা ৰে’ল ষ্টেছনটো সংগ্রহালয় হিচাপে সংৰক্ষিত কৰাৰ উপৰি ৰাইজৰ সুবিধার্থে টিকট কাউণ্টাৰৰ ব্যৱস্থা ৰাখিবলৈ ৰে’ল বিভাগলৈ প্রস্তাৱ আগ বঢ়াইছে৷ লগতে, ষ্টেছনটো স্থানান্তৰ কৰিলে ৰে’ল বিভাগৰ বিস্তাৰিত মাটিত ভৱিষ্যতে কেইবামহলীয়া পার্কিং ব্যৱস্থা, ব্যাৱসায়িক প্রতিষ্ঠানকে ধৰি পথ সম্প্রসাৰণৰ সুবিধা হ’ব বুলি ৰে’ল বিভাগক জনোৱা হৈছে৷
কার্যতঃ যদিহে প্রস্তাৱিত দাবীসমূহ বাস্তৱায়িত হয়, তেন্তে এয়া ডিব্রুগড়বাসীৰ বাবে এক আশীর্বাদস্বৰূপ হ’বগৈ বুলি ইতিমধ্যে বহু সচেতন ৰাইজে মত পোষণ কৰিছে৷ উল্লেখ কৰা ভাল যে চহৰখনৰ মানকটা পথত থকা অভাৰব্রীজখনো ২০২১ চনত ভাঙি ৰাইজৰ সুবিধাৰ বাবে বিকল্প ব্যৱস্থাৰ পৰিকল্পনা চৰকাৰৰ হাতত ইতিমধ্যেই আছে৷